নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষিমপুৰ জিলাৰ অন্তৰ্গত ৩০ খন গাঁও মাজুলী জিলাত অন্তৰ্ভুক্তঃ ৰাইজৰ মাজত উছাহ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ দেশে স্বাধীনতা লাভ কৰাৰ সাঁতটা দশক পাৰ হোৱাৰ পিছতো উন্নয়নে ধুকি নোপোৱা লক্ষিমপুৰ জিলাৰ অন্তৰ্গত এটা পঞ্চায়ত হল লুহিত – খাবলো ৷ এই গাঁও পঞ্চায়তটোৰ ৭ টা গাঁও পঞ্চায়তৰ বাসিন্দাই উন্নত যাতায়ত , উন্নত চিকিৎসা , শিক্ষা আদিৰ পৰা বঞ্চিত হৈ আহিছে ৷ লক্ষিমপুৰ জিলাৰ পৰা প্ৰায় ৩০, ৩৫ কিলোমিটাৰ নিলগত থকাৰ ওপৰিও বহু কষ্ট স্বীকাৰ কৰি সাধাৰণ এটা কামতেই লক্ষিমপুৰ জিলা প্ৰশাসনৰ কাৰ্যালয়লৈ যাব লগা হোৱাৰ কষ্টৰ অৱসান ঘটাই মাজুলীৰ সীমামুৰীয়া বৃহৎৰ লুইত-খাবলু গাঁও পঞ্চায়তৰ ৪ নং লিগিৰী মুখ, ৫ নং লিগিৰী মুখ চানু , ৬ নং কুলামুৱা , ৭ নং বৰালী মৰা , ৮ নং গড়মুৰ , ৯ নং নগৰ গাঁও , ১০ নং পাথৰিচুক ৱাড কেইটাৰ প্ৰায় ৩০ খন গাঁৱৰ জনসাধাৰনে ২০১৩ চনৰ পৰা সুদীৰ্ঘ ৮ বছৰ ধৰি অসম চৰকাৰৰ ওচৰত মাজুলীৰ লগত সংলগ্ন হোৱাৰ বাবে আবেদন – নিবেদন কৰি আহিছিল ৷

বৰ্তমানৰ বিজেপি চৰকাৰে মাজুলীৰ লগত সংলগ্নৰ এই সিদ্ধান্ত ১৯ নৱেম্বৰত ঘোষনা কৰাত গাঁওবাসী উৎফুল্লিত হৈ পৰাৰ লগতে চৰকাৰ খনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক আদৰণী জনাইছে গাঁওবাসীয়ে । স্থানীয় ৰাইজে নিজকে মাজুলীৰ বাসিন্দা বুলি চিনাকি দিবলৈ পাই উৎসাহিত হৈ পৰাৰ লগতে আজি ঢোলে ডগৰে আনন্দ উৎসৱ পালন কৰে আৱাল , বৃদ্ধ , বনিতাৰ ৷ মাজুলীৰ সীমামুৰীয়া লুইত খাবলুৰ সাঁতটা ৱাডৰ ত্ৰিশ খন গাঁৱৰ প্ৰায় ২৫ হাজাৰ লোক, বাৰ হাজাৰ ভোটাৰ মাজুলীয়াল হোৱাৰ আনন্দই সুকীয়া হৈ পৰিছে ৷

যাতায়ত যোগাযোগ, স্বাস্থ্য চিকিৎসা, শিক্ষা , নিয়োগ আদিৰ ক্ষেত্ৰত জমৰ যাতনা ভূগি লখিমপুৰ জিলা সদৰলৈ আজি ৭৩ বছৰে অহা যোৱা কৰি আহিছিল এই লোক সকলে । ৰাইজৰ দাবীক বাস্তৱ ৰূপ দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ লগতে বিজেপি চৰকাৰ খনৰ মংগল কামনা কৰি নামঘৰত ধুপ – দ্বীপ জ্বলাই , সামুহিয়া প্ৰৰ্থনা জনোৱা পৰিলক্ষিত হয় ৷

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড

You might also like