নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপূৰ্ব কবিতা সৃষ্টিৰে পঢ়ুৱৈৰ হৃদয় জিনা কবিজন আৰু নাই … 

 নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ এটা ক্ষুদ্ৰ বিষয়বস্তুৰ জৰিয়তে সূক্ষ্ম মানৱীয় সামাজিক চেতনা জগাই তোলাৰ অহৰহ প্ৰচেষ্টা চলোৱা কবি সনন্ত তাঁতিৰ দিল্লীৰ এপ’ল’ হাস্পতালত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ১:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে । মাটি আৰু মানুহৰ জয়গান গোৱা কবিজনে জীৱনৰ মহত্ত্বক সুন্দৰকৈ উপস্থাপন কৰিছিল । কবিৰ কবিতাবোৰত প্ৰবল বিশ্বাসবোধ আৰু আশাবাদ আছে । জীৱন যুঁজৰ অক্লান্ত ৰণুৱা আছিল তেওঁ । ১৯৫২ চনৰ ৪ নৱেম্বৰত কালীনগৰ চাহ বাগিছাত জন্ম হৈ কালীনগৰ চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলে । পিছত ৰামকৃষ্ণ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) শিক্ষা সম্পন্ন কৰে । সেই বছৰতে শ্বিলঙৰ ছেইন্ট এন্থনীজ কলেজত নামভৰ্তি কৰিছিল যদিও আৰ্থিক অৱস্থাৰ বাবে সেই শিক্ষা আধাতে সামৰি চাকৰিত যোগদান কৰিবলগীয়া হৈছিল । ১৯৭৫ত ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ পৰা প্ৰাইভেট পৰিক্ষাৰ্থী হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে ।
২০১৮ বৰ্ষত তেওঁ  “কাইলৈৰ দিনটো আমাৰ হ’ব ” কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হয় । ২০১৭ চনত তাঁতিয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল  ।
 তেওঁৰ কবিতাই  অসমীয়া কবিতাক এক মাত্ৰা প্ৰদান কৰিছিল । অসমীয়া সাহিত্য জগতৰ কবিতাৰ পথাৰত কবি সনন্ত তাঁতি এক উজ্জ্বল নক্ষত্ৰ  ।মানুহক ভাল পোৱা ,সমাজৰ মংগল কামনা কৰা কবিজনৰ  মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুজনে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ ।
You might also like