নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে আৰম্ভ হ’ব আন্তঃৰাষ্ট্রীয় বিমান সেৱা

কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ইংগিত

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে ২০২০ৰ মার্চ মাহৰ পৰা বন্ধ হৈ থকা আন্তঃৰাষ্ট্রীয় বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ যো–জা চলাইছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ বিভিন্ন দেশত মহামাৰীৰ প্রভাৱ কিছু হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চলিত বর্ষৰ শেষৰ ফালে আন্তঃৰাষ্ট্রীয় বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ ইংগিত দিছে বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই৷ কেন্দ্রীয় গৃহ আৰু স্বাস্থ্য মন্ত্রালয়ৰ সৈতে আলোচনা কৰি বিষয়টো শীঘ্রে চূড়ান্ত কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷ তেওঁ কয় যে ইউৰোপৰ কিছুসংখ্যক দেশত মহামাৰী ক’ভিড–১৯ৰ পৰিস্থিতি পুনৰ বেয়াৰ দিশে ঢ়াল খোৱাত আন্তঃৰাষ্ট্রীয় বিমান সেৱা আৰম্ভ কৰাৰ ক্ষেত্রত চৰকাৰে কিছু চিন্তা কৰিবলগীয়া হৈছে৷ তথাপি ডিচেম্বৰৰ শেষৰ ফালে অর্থাৎ বৰদিনৰ সময়ছোৱাত দেশৰ পৰা আন্তঃৰাষ্ট্রীয় বিমান সেৱা আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে দীর্ঘদিন ধৰি আন্তঃৰাষ্ট্রীয় বিমান সেৱা বন্ধ হৈ থকাত পর্যটন উদ্যোগ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অহা দেশসমূহলৈ বিমান সেৱা আৰম্ভ কৰিবলৈ পর্যটন খণ্ডসমূহে ভাৰত চৰকাৰক অনুৰোধ জনাইছে৷

You might also like