বাঙালীয়ে বাঙালীৰ অধিকাৰৰ কথা কোৱাটো কেনেকৈ দেশদ্রোহিতাঃ কমলাক্ষ দে’
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: অসমীয়া তথা অসমীয়া ভাষাবিদ্বেষী প্রদীপ দত্ত ৰয়ে অসমৰ মাটিত থাকিয়েই অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰে বাৰে নিকৃষ্ট ষড়যন্ত্রত লিপ্ত হোৱাৰ পাছত অৱশেষত কালি আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে৷ বৰাক ডেমক্রেটিক ফ্রণ্ট (বি ডি এফ) নামৰ সংগঠন এটাৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা উগ্র বাঙালী জাতীয়তাবাদী নেতাজনক গ্রেপ্তাৰৰ পাছতেই কংগ্রেছে অসমীয়াবিদ্বেষী নেতাজনৰ পক্ষত অৱস্থান গ্রহণ কৰিছে৷
প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই আজি এখন সংবাদ মেলত অসমীয়াবিদ্বেষী তথা উগ্র বাঙালী জাতীয়তাবাদী নেতাজনৰ পক্ষত অৱস্থান লৈ কয় যে প্রদীপ দত্ত ৰয়ক দেশদ্রোহী আইনত কেনেকৈ গ্রেপ্তাৰ কৰিলে? প্রদীপ দত্ত ৰয়ৰ ওপৰত দেশদ্রোহীৰ অভিযোগ অনাটো কিমান যুক্তিযুক্ত সেই সম্পর্কত চৰকাৰক দাবী জনাব বুলিও উল্লেখ কৰে৷ তেওঁ ৰাজ্যখনত হিটলাৰী শাসন চলিছে বুলি গুৰুতৰ অভিযোগ কৰি কয় যে বাঙালী মানুহে বাঙালীৰ অধিকাৰৰ কথা পাতিব পাৰে৷ তাৰ বাবে বিহ খুৱাই মাৰিব নেকি? প্রদীপ দত্ত ৰয়ে যি কাম কৰিছে, গণতন্ত্রৰ ভিতৰত থাকি কৰিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে কোনোবাই মুখ্যমন্ত্রীৰ ওচৰত ২৪ ঘণ্টাৰ সময় দি কথা ক’ব নোৱাৰে নেকি? প্রয়াত মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহা আৰু প্রয়াত প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ সময়তে বৰাক উপত্যকাত বাংলা ভাষা চৰকাৰী ভাষা হোৱাৰ আইন হৈছে৷ এই প্রসংগত তেওঁ আৰু কয় যে লাচিত সেনাই যেতিয়া বাঙালীক মাৰিব লাগে বুলি কৈছিল, তেতিয়া মুখ্যমন্ত্রীয়ে বেয়া কথা শুনিব নালাগে বুলি মন্তব্য কৰিছিল৷ সেইসকলৰ ওপৰত কিন্তু এতিয়ালৈ চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই৷ তদুপৰি বৰাক উপত্যকাত চৰকাৰে পঠিওৱা বিভিন্ন আঁচনিৰ সৰহসংখ্যক বেনাৰ–পোষ্টাৰ বাংলা ভাষাৰেই গৈছে৷ তাৰ মাজত কিছুসংখ্যক অসমীয়া ভাষাৰো বেনাৰ–পোষ্টাৰ গৈছে৷ যিসকল বিষয়াই অঞ্চলটোলৈ অসমীয়া ভাষাৰ বেনাৰ–পোষ্টাৰ পঠিয়ালে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল’ব লাগে বুলিও তেওঁ দাবী জনায়৷