নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা সেনাৰ তৎপৰতাত উদ্বিগ্ন ভাৰত

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: সীমান্তৰ লাডাখ অঞ্চলত ভাৰত–চীনৰ সেনাৰ উত্তেজনাই বিভিন্ন সময়ত যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি কৰি আহিছে৷ এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ দুয়োখন দেশৰ সেনা বিষয়াসকলৰ মাজত ইতিমধ্যে কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে যদিও শেহতীয়াকৈ পূব লাডাখৰ সমীপত পথ নির্মাণ কৰি ব্যাপক হাৰত ক্ষেপণাস্ত্র আৰু ৰকেট মজুত কৰিছে চীনে৷ এটা ৰাষ্ট্রীয় সংবাদ সংস্থাই প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷ পূব লাডাখত পথ নির্মাণৰ কামত স্থানীয় লোকসকলক নিয়োগ কৰিছে চীনা সেনা পি এল এই৷

বিশ্বস্ত সূত্রৰ উদ্ধৃতি দি সংবাদ সংস্থাটোৱে সদৰী কৰা অনুসৰি পূব লাডাখ ছেক্টৰত বিপৰীত আকছাই চীন অঞ্চলত নতুন পথ নির্মাণ কৰিছে চীনা সেনাই৷ ইয়াৰ ফলত চীনা বাহিনীয়ে ভাৰতৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি) অতি কম সময়ৰ ভিতৰতে স্পর্শ কৰিবলৈ সক্ষম হ’ব৷ লক্ষণীয়ভাৱে স্বশাসিত তিব্বত অঞ্চলত চীনে প্রচুৰ পৰিমাণে ৰকেট আৰু ক্ষেপণাস্ত্র মজুত কৰাৰ তথ্য পূর্বেও সংবাদ মাধ্যমে সদৰী কৰিছিল৷ শেহতীয়াকৈ অকল পথ নির্মাণেই নহয়, চীনে আকছাই চীন অঞ্চলত বিমান ঘাটি নির্মাণ কৰা বুলিও সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ দুর্গম অঞ্চলত দ্রুতগতিত উপস্থিত হ’বলৈ চীনা বাহিনীয়ে তিব্বতীসকলক কৌশলেৰে নিয়োগ কৰা বুলিও সূত্রটোৱে দাবী কৰিছে৷ মূল ভূখণ্ডৰ পৰা অহা চীনা সৈনিকৰ তুলনাত প্রচণ্ড শীতৰ সৈতে যুঁজ কৰিবলৈ সক্ষম তিব্বতী যুৱকসকল৷ তাৰ বাবেই পি এল এই এই নতুন কৌশল গ্রহণ কৰিছে৷

বিগত শীতৰ তুলনাত অস্থায়ী শিবিৰ তথা পথ এইবাৰ যথেষ্ট বেছি নির্মাণ কৰিছে চীনে৷ গতিকে ভাৰতৰ বাবে এয়া এক চিন্তাৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷ স্মর্তব্য যে ইতিমধ্যে ভাৰতীয় সেনাই চীনৰ এই তৎপৰতাৰ সবিশেষ তথ্য লাভ কৰিছে৷ আনকি শেহতীয়াকৈ পি এল এৰ বিষয়াৰ সৈতে হোৱা ভাৰতীয় সেনা বিষয়াৰ এক বৈঠকত এই বিষয়টোক লৈ ভাৰতৰ তৰফৰ পৰা উদ্বেগ প্রকাশ কৰাও হৈছে৷

You might also like