সৰুতে এটা সাধু পঢ়িছিলো৷ সাধুটোত ৰজাই গাখীৰৰ পুখুৰী এটা খান্দিবলৈ মনস্থ কৰিলোঁ৷ পিছে গাখীৰৰ পুখুৰী কেনেকৈ সম্ভৱ? সিদ্ধান্তমর্মে নির্দেশ দিয়া হ’ল যে প্রতিজন প্রজাই ঘৰৰ পৰা এলোটাকৈ গাখীৰ আনি পুখুৰীত ঢ়ালিব৷ কথা মতেই কাম৷ ৰাজ আদেশ অনুসৰি প্রজাসকলে পুখুৰীত ঘৰৰ পৰা লোটাৰে গাখীৰ আনি ঢ়ালিলেহি যদিও পুখৰীত গাখীৰৰ সলনি পানীহে দেখা গ’ল৷ ৰজা আচৰিত হ’ল৷ কেনেকৈ এয়া হ’বলৈ পালে? সকলোৱেটো হাতত লোটা লৈ গাখীৰ ঢ়ালিবলৈ আহিছিল সাধুটোত প্রকৃততে কি হৈছিল মনত পৰিছেনে? প্রতিজন প্রজাই ভাবিলে ‘সকলোৱে যিহেতু পুখুৰীত ঢ়ালিবৰ বাবে গাখীৰ আনিবই, মই যদি গাখীৰৰ সলনি পানী এলোটা লৈ যাওঁ কোনেনে গম পাব৷ মোৰ গাখীৰৰ খৰচো বাচি যাব৷’ শেহতীয়াকৈ কিছুমান কথাই প্রায়ে এই সাধুটোৰ কথা মনত পেলাই দিয়ে৷ চৌপাশৰ ঘটনাবোৰ যদি চাওঁ তেতিয়া এনে লাগে যেন মানৱতা, নৈতিকতা বা সামাজিক দায়বদ্ধতা এইবোৰ গা এৰা বিষয় যেন হৈ পৰিছে৷ আনে মানি চলিবই যেতিয়া মই নামানিলেও হ’ব ধৰণৰ এটা মানসিকতা গঢ় লৈ উঠা যেন অনুভৱ হয়৷ যোৱা দুবছৰত ক’ভিড–১৯ৰ বিভীষিকাই একপ্রকাৰ পৃথিৱীখন স্থবিৰ কৰি তুলিছিল৷ দুটাকৈ লকডাউনৰ ভাৰ সহি অর্থনৈতিকভাৱে জুৰুলা হোৱা আমাৰ ৰাষ্ট্রখনৰ বাবে আৰু এক তেনে পৰিস্থিতিৰ ভাব লোৱাতো কিমান দূৰ সম্ভৱ হ’ব সেয়া নাজানো৷ কিন্তু শেহতীয়াকৈ কিছুদিন ধৰি ৰজাঘৰীয়া, প্রজাঘৰীয়া দুয়ো শ্রেণীৰ নাগৰিকৰে দায়বদ্ধতাহীন কাম–কাজে পুনৰ যে তেনেকুৱা পৰিস্থিতিলৈ দেশখনক লৈ যাব যেন অনুভৱ কৰাইছে৷ দুটা লকডাউনে আমাৰ প্রায় সকলোৰে জীৱনটোৰ প্রতি দৃষ্টিভংগী কিছু পৰিমাণে হ’লেও সলনি কৰিছিল৷ আত্মনিয়ন্ত্রণ আৰু সামাজিক নীতি মানি চলিবলৈ আমি বাধ্য হৈছিলোঁ৷ এইবোৰ কথাই আনকি আওপকীয়াকৈ প্রকৃতিৰ ওপৰত চলা মানুহৰ অত্যাচাৰ আৰু প্রদূষণো কমাবলৈও সক্ষম হৈছিল৷ প্রায়বোৰ মানুহেই তেতিয়া কোৱা শুনিছিলো ক’ভিডে আন একো নহ’লেও জীৱনমুখী হ’বলৈ শিকালে, সামাজিক দায়বদ্ধতাৰ লগতে পৰিমিত আকাংক্ষা আৰু প্রাপ্তিৰ মাজৰ সন্তুলন বজাই ৰাখি সাধাৰণ জীৱন যাপন কৰাৰ শিক্ষা দিলে৷ কিন্তু পৰিস্থিতি কিছু ঠিক হোৱাৰ লগে লগে সামাজিক দূৰত্ব গ’ল, মাস্ক বাদ দিলে, বিহু, পূজা, ঈদৰ নামত বজাৰ/ৰাজপথত হোৰাহোৰে মানুহে ভিৰ কৰা আৰম্ভ কৰিলে৷ এতিয়া অনুভৱ হয় যে আমাক প্রকৃততে ক’ভিড–১৯ৰ ভয়াৱহতাই একোৱেই শিকাব নোৱাৰিলে৷ ক’ভিডৰ বিভীষিকাৰ যাতে পুনৰাবৃত্তি নহয়, সাধাৰণ নাগৰিকে যাতে জ্বলাকলা খাব লগা নহয়, তাৰ বাবে নূ্যনতম ক’ভিড বিধি মানি চলাটো জৰুৰী নহয়নে বাৰু? কথাবোৰ গাখীৰৰ পুখুৰী সজাৰ দৰে হৈছে৷ প্রত্যেকেই ভাবে আনে নিয়ম মানি চলক, মই নামানিলোনো কি ক্ষতি নতুবা কোনেও নিয়ম নামানে যেতিয়া মই অকলে মানি কি কৰিম?
কেৱল ক’ভিড বুলি নহয় আন কিছুমান ঘটনা প্রবাহেও সামাজিক দায়বদ্ধতা, নৈতিকতা, মানৱতাৰ যে স্খলন হৈছে সেই কথা অনুভৱ কৰায়৷ শেহতীয়াকৈ এটা বাতৰিয়ে কঁপাই তুলিলে৷ গুৱাহাটীত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা হৈছে৷ দীর্ঘদিনৰ বিশ্বাসী কেয়াৰটেকাৰজন এই হত্যাকাণ্ডৰ অভিযুক্ত৷ এনেকুৱা অপৰাধবোৰ সঘনাই হোৱাটো বৰ চিন্তাজনক৷
সিদিনা বন্ধু এজনে কথাৰ মাজতে পথ দুর্ঘটনাত আত্মীয় এজনক হেৰুওৱাৰ কথা ক’লে৷ ট্রাকে খুন্দিয়াই যোৱা মানুহজনক এম্বুলেন্স এখন মাতি চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰাৰ সলনি বাটৰুৱাসকলে কেনেকৈ অদেখা কৰি পাৰ হৈ গৈছিল ম’বাইলত ভিডি’ কৰা, ফটো তোলাতহে ব্যস্ত হৈ আছিল সেই কাহিনী শুনিলো আৰু হুমুনিয়াহ কাঢ়িলোঁ৷
দুবছৰ মানৰ আগতে নগাঁৱৰ পদপথত পিতৃয়ে ছয়/সাত বছৰীয়া কন্যা আৰু দুই/আঢ়ৈ বছৰীয়া পুত্রক এৰি থৈ গৈছিল৷ আন্ধাৰ হোৱাৰ পিছলৈকে অকলে পদপথত বহি থকা শিশুকেইটিক উদ্ধাৰ কৰি আৰক্ষী প্রশাসনৰ সহযোগত শিশু সুৰক্ষা গৃহলৈ পঠিওৱা হৈছিল৷ সেইদিনা মনত বহুত প্রশ্ণই উকমুকাইছিল৷ কেনেকৈ জন্মদাতা পিতৃ–মাতৃয়ে নিজৰ কণমানি সন্তানক ৰাজপথত এৰি যাব পাৰে? ঠিক তেনেদৰে অচিনাকি ঠাইত বৃদ্ধ পিতৃ–মাতৃক সন্তানে এৰি থৈ যোৱাৰ বাতৰিবোৰো প্রায়ে দেখা পাঁও৷ মানুহ ইমান হূদয়হীন কেনেকৈ হয়? চিন্তনীয় নহয়নে? আতুৰজনক সহায়ৰ হাত, বিপদৰ মাতষাৰ দিবলৈ যেন আজিকালি ইচ্ছাৰ অভাৱ৷ ব্যস্ততা বা আর্থিক দুৰৱস্থাই কেৱল কেতিয়াও ইয়াৰ কাৰণ হ’ব নোৱাৰে৷ সমাজখন লাহে লাহে বেছি আত্মকেন্দ্রিক হৈ আহিছে৷ ব্যক্তিগত লাভালাভৰ অংক, স্বার্থ, সফলতাৰ ধামখুমীয়াত সামাজিক দায়বদ্ধতা, নৈতিকতা আৰু মানৱীয়তাই মুখ থেকেচা খাইছে৷ মানুহ অসহিষ্ণু হৈছে৷ গণপ্রহাৰ, মানুহক সৰু কথাতে অপমানিত কৰা, অপ্রয়োজনীয় বিতর্ক, ছ’চিয়েল মিডিয়াত সৰু বিষয়তে ট্র’ল, অপমানজনক মন্তব্য এইবোৰ একেবাৰে সাধাৰণ কথাৰ দৰে হৈছে৷
আজি এঠাইত পঢ়িলোঁ, ‘মানুহ কি, মানৱতা কেনেকৈ জীয়াই ৰাখিব পাৰি এইবোৰ বিষয় পাঠ্যক্রমৰ অন্তর্ভুক্ত কৰিব লাগে৷ নহ’লে পৃথিৱীখন শেষ হৈ যাব’ কথাষাৰ চিন্তনীয়৷ কিন্তু সঁচাকৈ জানো এইবোৰ সমাধান সূত্রবিহীন সমস্যা? বহু সময়ত আমি সমস্যাৰ সমাধানৰ পথতকৈ সমস্যাটোৰ বিষয়েহে বেছি আলোচনা কৰোঁ৷ ব্যক্তিবিশেষ ব্যক্তিত্ব, আচৰণ চিন্তা, সমর্থ সকলোৰে পার্থক্য আছে যদিও আমি যিহেতু এখন সমাজ পাতি বাস কৰোঁ সেয়ে কিছুমান সামাজিক নীতি আমি মানি চলিবলৈ শিকিব লাগিব৷ সময়ৰ দাবীৰ ভিত্তিত সামাজিক দায়বদ্ধতা হিচাপে আমি কিছুমান নতুন চিন্তা বা নীতি নিৰূপণ কৰিব পাৰোঁ৷ উদাহৰণস্বৰূপে চুবুৰীয়াসকলৰ মাজত খা–খবৰ, সমস্যা, সুবিধা–সুবিধাবোৰ জানিব পৰাকৈ বা আন্তৰিকতা ভৰা সম্পর্ক এটা ৰাখিবলৈ কিছুমান অনলাইন গ্রুপ আদি গঠন কৰিব পৰা যায়৷ নগৰৰ ব্যস্ত জীৱনত অন্ততঃ এই গ্রুপবোৰে মানুহক ইজনে সিজনৰ লগত পৰিচিত কৰি ৰখাৰ লগতে বহু সময়ত বিপদৰ পৰা ৰক্ষা কৰিব পাৰে৷ বহু স্বেচ্ছাসেৱী সংগঠন আদিয়ে আর্তজনক সহায় কৰিবৰ বাবে বিভিন্ন কাম–কাজ কৰি আহিছে৷ বিনামূলীয়া সেৱা প্রদানৰ উপৰি আমি কিছুমান কথা ব্যৱসায় ভিত্তিতো চিন্তা কৰিব পাৰোঁ৷ নতুনকৈ উঠি অহা যুৱকসকলে সংস্থাপনৰ বাবে নতুন কিছুমান চিন্তা কৰিব পাৰে৷ উদাহৰণস্বৰূপে অকলশৰীয়া বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ঘৰতে প্রস্তুত কৰা কম তেল মছলাযুক্ত আহাৰ যোগান, বজাৰ সমাৰ কৰি দিয়া, অকলশৰীয়া লোকৰ আৱাসত ছিকিউৰিটী কেমেৰাকে ধৰি আন নিৰাপত্তাৰ ব্যৱস্থা আদি সেৱা ব্যৱসায় ভিত্তিত প্রদান কৰিলে বহু জ্যেষ্ঠ নাগৰিকে সকাহ পাব৷ সমান্তৰালকৈ নৱপ্রজন্মৰ সংস্থাপনৰ বাবে ই এক সুযোগ হ’ব৷ ঠিক তেনেকৈ উন্নত সা–সুবিধা থকা বৃদ্ধাশ্রমৰ প্রয়োজনীয়তাও বর্তমান সময়ত অতি বেছি৷ এনে নহয় যে আর্থিক দুৰৱস্থাৰ বাবে, সন্তানৰ অৱহেলাৰ বাবে বা আশ্রয়হীন হৈ মানুহ বৃদ্ধশ্রমলৈ যায়৷ বহু সময়ত জীৱন আৰু জীৱিকাৰ স্বার্থত পিতৃ–মাতৃ আৰু সন্তান আঁতৰে আঁতৰে থাকিব লগা হয়৷ পিতৃ–মাতৃক স্নেহ আৰু আর্থিক নিৰাপত্তা দিয়াৰ পিছতো সন্তান কায়িকভাৱে কাষত থাকিবলৈ সমর্থ নহয়৷ বহুতে একে বয়সৰ ব্যক্তিৰ মাজত হাঁহি–ধেমালিৰে জীৱনৰ আবেলিৰ সময়খিনি পাৰ কৰিম বুলিও স্ব ইচ্ছাৰে বৃদ্ধাশ্রমলৈ আহে৷ গতিকে এনে শ্রেণীৰ বয়োজ্যেষ্ঠ নাগৰিকসকলক উদ্দেশ্য কৰি কিছুমান উন্নত সা–সুবিধাযুক্ত বৃদ্ধাশ্রম ব্যৱসায় ভিত্তিত আৰম্ভ কৰাৰ কথা পৰিকল্পনা কৰিব পাৰে৷
নৱপ্রজন্মক মানৱতাৰ শিক্ষা দিবৰ বাবে সৰুৰে পৰা তেওঁলোকক সামাজিক দায়বদ্ধতাৰ পাঠ দিব লাগিব৷ সেই পাঠ আৰম্ভ হয় ঘৰখনত৷ বহু সময়ত দেখা যায় ঘৰুৱা সহায়কাৰীক মানুহে দুর্ব্যৱহাৰ কৰে৷ অভিভাৱকে যি কৰে সন্তানে সেয়া শিকিব৷ ককাক আইতাক বা পৰিয়ালৰ আন মানুহৰ প্রতি আন্তৰিকতা, ঘৰুৱা সহায়কাৰীক মানুহ হিচাপে প্রাপ্য সন্মান দিবলৈ শিকা তথা তেওঁলোকে দিয়া সেৱাৰ বাবে কৃতজ্ঞ হোৱা, চুবুৰীয়া পৰিৱেশ নিজে বিনষ্ট নকৰা, সামাজিক নিয়মানুৱর্তিতাৰ শিক্ষা, আর্তজনৰ প্রতি সহানুভূতি তথা সামর্থ্য অনুসৰি সহায় কৰা, পদপথত জীৱন যাপন কৰিব লগা হোৱা লোকৰ প্রতি দয়াশীল হোৱা, অনাথ শিশু তথা দুর্গত নাৰীৰ প্রতি সহানুভূতিশীল হোৱা, প্রয়োজনত আর্তজনৰ কাষত থিয় হোৱাৰ শিক্ষা সন্তানক দিয়ক৷ সমাজৰ বাকীসকলে যি কৰে কৰক, মই কেৱল মোৰ পৰিয়ালটোৰ কথাহে ভাবিম, আনৰ কথা কি দৰকাৰ বুলি ভবা বন্ধ কৰাৰ সময় এয়া৷ কিয়নো আপুনিও এই সমাজৰে অংগ৷ আপুনি আজি সহায়ৰ হাতখন আগবঢ়ালেহে কাইলৈ আনে আপোনাক সহায় কৰিব৷ আজি আপোনাৰ ব্যস্ততাই হয়তো কাইলৈ আপোনাক একাকীত্বত ভোগাব, আপোনাৰ সন্তানক যান্ত্রিক কৰি তুলিব৷
সময় সলনি হয়, সময়ে পৰিৱেশ আৰু সমাজ ব্যৱস্থাক সলনি কৰে৷ পৰিস্থিতিৰ পৰিৱর্তনক আমি স্বীকাৰ কৰিবই লাগিব৷ ঋণাত্মক কথা বা অসন্তুষ্ট হৈ থকাৰ পৰিৱর্তে পৰিৱর্তনৰ লগত খাপ খুৱাই চলিবলৈ চেষ্টা কৰাটোহে প্রয়োজনীয়৷ উদাহৰণ স্বৰূপে ক’ভিড–১৯–এ যোৱা দুবছৰত আমাক জুৰুলা কৰিলে৷ বাধ্যতামূলক ক’ভিড বিধি মানি আমি লকডাউন পাৰ কৰিলোঁ যদিও পৰিস্থিতি অলপ ঠিক হোৱাৰ লগে লগেই সাৱধানতা, সামাজিক দূৰত্ব পাহৰি পুনৰ বেমাৰ বিয়পোৱাত অংশীদাৰ হৈছোঁ৷ কিন্তু কথাবোৰ এনেকুৱা হৈ থাকিলে ক’ভিড কেতিয়াও শেষ নোহোৱা সমস্যাতহে পৰিণত হ’ব৷ লকডাউনৰ দৰে পৰিস্থিতি পুনৰ আহিব৷ তেনে নোহোৱাকৈ ৰখাৰ দাযবদ্ধতা আমাৰ সকলোৰে জানো নাই? ক’ভিড বিধিক জীৱন প্রণালীৰ অংগ কৰি লোৱাটো এইমুহূর্তত আটাইতকৈ জৰুৰী সামাজিক দায়বদ্ধতা৷ সমাজনো কি? আপুনি, মই আমিয়েই জানো সমাজ নহয়? আহকচোন আটায়ে সহানুভূতিশীল হওঁ, ইজনে সিজনৰ কাষত থিয় দি আমাৰ বাবে, আমাৰ সন্তানৰ বাবে নিৰাপদ, স্নেহময় পৃথিৱী এখন গঢ়াৰ বাবে একেলগে আগুৱাই যাওঁ৷