নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব এইডছ দিৱস

প্রতিবছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখটো বিশ্ব এইড্ছ দিৱস হিচাপে পালন কৰা হয়৷ ১৯৮১ চনত প্রথম ধৰা পৰা আৰু ১৯৮২ চনৰ পৰা এইড্ছ Acquired Immuno Deficiency Syndrome, AIDS) নামেৰে জনাজাত হোৱা এই ৰোগৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা এই দিৱস বিশ্বৰ সকলো প্রান্ততে পালন কৰি অহা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰা বিশ্বজনীন আঠটা জনস্বাস্থ্য সম্পর্কীয় সজাগতা দিৱসৰ ভিতৰত ইয়ো এটা৷
২০২০ চনলৈকে যুগুত কৰা এক তথ্য মতে প্রায় ৩৬.৩ মিলিয়ন মানুহৰ ইতিমধ্যেই এইড্ছৰ ফলত মৃত্যু হৈছে আৰু ২০২০ চনতে মৃত্যু হৈছে প্রায় ৬ লাখ ৮০ হাজাৰ লোকৰ৷ বর্তমান প্রায় ৩৮ মিলিয়ন লোক ‘এইচ আই ভি’ ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ আছে৷ ইয়াৰ পৰাই বুজা যায় যে বর্তমান ই এটা গুৰুত্বপূর্ণ বিশ্বজনীন স্বাস্থ্য সম্পর্কীয় সমস্যা হৈ পৰিছে৷ বিশ্ব এইড্ছ দিৱস পালনৰ যথেষ্ট গুৰুত্ব আছে কাৰণ সজাগতা আৰু লগতে এণ্টি ৰেত্রভাইৰেল দৰবৰ ব্যৱহাৰৰ ফলতেই আগতকৈ বর্তমান সময়ত ‘এইচ আই ভি’ আক্রান্ত লোকৰ মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে কমি আহিছে৷ সেয়ে ‘এইচ আই ভি’ৰ দ্বাৰা আক্রান্ত হ’লেই যে এইড্ছ নহয় আৰু বর্তমান নিয়মীয়া চিকিৎসাৰ দ্বাৰা ইয়াক বহুদিনলৈ নিয়ন্ত্রণত ৰাখিব পাৰি, এনে তথ্যবিলাকেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিত এই দিৱসৰ যথেষ্ট ভূমিকা আছে৷
এইড্ছ কৰে ‘এইচ আই ভি’–এ Human Immuno deficiency Virus) শৰীৰত ‘এইচ আই ভি’ কঢ়িয়াই ফুৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই ৰোগ বিয়পে৷ এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ যোৱাৰ আটাইতকৈ সুলভ পথ হৈছে অসুৰক্ষিত যৌন সম্পর্ক স্থাপন আৰু আক্রান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা একেটা বেজীৰ ব্যৱহাৰ৷ বেজীৰ দ্বাৰা শৰীৰত নিষিদ্ধ ঔষধ প্রয়োগ কৰা অর্থাৎ ড্রাগ্ছ লোৱা বহু লোকে একেটা বেজীকেই ব্যৱহাৰ কৰাৰ ফলত এজনৰ পৰা আনজনলৈ এই ভাইৰাছ বিয়পিব পাৰে৷ বর্তমান অসমত ড্রাগ্ছ আসক্ত লোকৰ মাজত এই ভাইৰাছৰ উপস্থিতি যথেষ্ট পৰিমাণে দেখা গৈছে৷
বর্তমান সময়ত এইড্ছৰ বিষয়ে সকলোৰে কিছু পৰিমাণে হ’লেও জ্ঞান আছে৷ ই কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ কি কি (শৰীৰৰ ওজন কমা, বহুদিন ভাল নোহোৱা কাহ, জ্বৰ আদি) ইত্যাদিৰ বিষয়ে কম–বেছি পৰিমাণে সকলোৰে ধাৰণা এটা আছে৷ কিন্তু অসুৰক্ষিত সম্পর্কৰ ক্ষেত্রত সকলো সচেতন হোৱাৰ প্রয়োজন৷ আজিৰ দিনত আধুনিক চিন্তাধাৰাৰ প্রভাৱত বিবাহ নোহোৱাকৈয়ে শাৰীৰিক সম্পর্ক বহুতৰে হয় আৰু হয়তো দুজন প্রাপ্তবয়স্ক লোকৰ মাজতো বিবাহ–বহির্ভূত এনে সমন্ধ হ’ব পাৰে৷ কিন্তু এইখিনিতে এটা গুৰুত্বপূর্ণ কথা এয়ে যে ‘এইচ আই ভি’ৰ দ্বাৰা সংক্রমিত হ’লেই এজন ব্যক্তিৰ এইড্ছ (সেই সময়লৈকে) নহ’বও পাৰে আৰু তেওঁ দেখাত সম্পূর্ণ সুস্থ সবল হৈয়ে থাকিব পাৰে৷ কিন্তু সেই ব্যক্তিজনে আনলৈ এই ভাইৰাছ সংক্রমিত কৰিব পাৰে৷ গতিকে দেখাত সম্পূর্ণ সুস্থ এজন মানুহে যদি এই ভাইৰাছ কঢ়িয়াই ফুৰিছে, সেয়া বেলেগে ধাৰণা কৰিব নোৱাৰে৷ সেয়ে অসুৰক্ষিত সম্পর্ক যাতে কেতিয়াও স্থাপন কৰিবলৈ দিয়া নহয়৷ এইক্ষেত্রত যুৱতী বা মহিলাসকলৰ মনোবল বেছি হোৱাটো দৰকাৰী৷ স্পষ্ট আৰু দৃঢ়তাৰে প্রতিগৰাকীয়ে এই কথা ক’ব পাৰিব লাগিব যে ‘ন’ কনডম ন’ ছেক্স’৷ আজিকালি ‘আই পিল’ৰ দৰে ইমার্জেঞ্চী কনড্রাছেপ্ঢিভ ঔষধ ওলোৱাৰ পিছত গর্ভধাৰণৰ দুশ্চিন্তাৰ পৰা মুক্ত হৈ বহুতে এইবিলাক কথা চিন্তা নকৰে৷ কিন্তু অসুৰক্ষিত এনে ভুল কৰি জীৱনলৈ যাতে অনুতপ্ত হ’বলগীয়া নহয়, তাৰ বাবে সদাসচেতন হোৱাৰ অত্যন্ত প্রয়োজন৷
আমি চিকিৎসক হিচাপে আৰু এটা বিপজ্জনক কথাৰ বিষয়ে প্রায়ে অৱগত হওঁ৷ কাৰোবাৰ সৈতে অসুৰক্ষিত সম্পর্ক হৈ যোৱাৰ পিছত বহু যুৱকে ভয় খায় যে তেওঁৰ এইড্ছ হ’ব নেকি, যিহেতু কোনোবা লেবৰেটৰীলৈ গৈ ‘এইচ আই ভি টেষ্ট’ কৰিবলৈ ক’বলৈ তেওঁৰ সংকোচ হয়৷ সেয়ে এনে যুৱকে কোনো ব্লাড বেংকলৈ ৰক্তদান কৰিবলৈকে আহে৷ তেওঁলোকে ভাবে যে ৰক্তদান কৰিবলৈ গ’লে সকলো টেষ্ট কৰিবই৷ তেওঁৰ শৰীৰত কিবা অসুখ থাকিলে তেতিয়াই গম পাই যাব৷ আৰু যদি ব্লাড বেংকৰ পৰা তেওঁক একো নজনায়, তেওঁতো বাচি গ’ল এই কার্য কিন্তু বৰ ভয়ানক, কাৰণ এজন ব্যক্তি ‘এইচ আই ভি’ৰ দ্বাৰা সংক্রমিত হ’লেও ৩ মাহলৈকে তেওঁৰ ৰক্ত পৰীক্ষাত এইবিধ ভাইৰাছৰ উপস্থিতি ধৰা নপৰিবও পাৰে৷ এই সময়খিনিক ‘উইনডো পিৰিয়ড’ Window Period) বুলি কোৱা হয়৷ কিন্তু এই সময়তো যদি তেওঁ তেজ আন এজনক দিয়ে, তেওঁৰ শৰীৰৰ পৰা ভাইৰাছ সেই মানুহজনলৈ যাব পাৰে৷ গতিকে কাৰোবাৰ যদি কিবা সন্দেহ থাকে, সেই সময়ৰ পৰা ৩ মাহ ৰৈহে টেষ্ট কৰোৱা উচিত, কাৰণ তাকে নকৰিলে মাজতে ব্লাড দিবলৈ আহি তেওঁ আনক বিপদত পেলাব পাৰে বা তিনি মাহৰ আগত টেষ্ট কৰাই একো হোৱা নাই বুলি ভাবি আকৌ আনকো সংক্রমিত কৰিব পাৰে৷ আজিকালি অতি উন্নত পদ্ধতিত পিছে সাতৰ পৰা চৈধ্য দিনৰ ভিতৰতে বা আন কিছু পদ্ধতিৰ দ্বাৰা সংক্রমণ হোৱাৰ চাৰি সপ্তাহৰ পিছতে ভাইৰাছবিধৰ উপস্থিতি ধৰা পেলাব পৰা যায়৷
প্রতিবছৰে এটা ‘থীম’ বা উদ্দেশ্য আগত ৰাখি এই দিৱস পালন কৰা হয়৷ এই বছৰ অর্থাৎ ২০২১ চনৰ ‘থীম’ হৈছে, End inequalities, end AIDS’৷ ১৯৮৮ চনৰ পৰা আজিলৈকে চিকিৎসা বিজ্ঞানে যথেষ্ট উন্নতি কৰিছে আৰু বর্তমান প্রতি চাৰিজন ‘এইচ আই ভি’ পজিটিভ ব্যক্তিৰ তিনিজনে তেওঁৰ শৰীৰত ‘এইচ আই ভি’ৰ অৱস্থিতিৰ কথা জানে৷ কিন্তু এতিয়াও বহু লোকে এইড্ছৰ লগত জডিত হৈ থকা সামাজিক গ্লানিৰ বাবে মনত সন্দেহ থাকিলেও এইড্ছৰ পৰীক্ষা নকৰে৷ আকৌ আন কিছুমানে কাৰোবাৰ লগত অসুৰক্ষিত সম্পর্ক স্থাপন হ’লেও, আনজন ব্যক্তিক সুস্থ যেন দেখি এইবিলাক একো নহয় বুলি ভাবে৷ আগতেও কৈছোঁ, ‘এইচ আই ভি’ৰ বীজাণু শৰীৰত থাকিলেই এইড্ছ নহয়৷ কিন্তু ই লাহে মানুহৰ শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা একেবাৰে কমাই আনে আৰু তাৰ ফলত বিভিন্ন ৰোগে আক্রমণ কৰি মানুহজনক এটা সময়ত মৃত্যুমুখলৈকে ঠেলি দিব পাৰে৷ কিন্তু আজিকালি এণ্টি ৰেত্রভাইৰেল ঔষধ ব্যৱহাৰ কৰি ‘এইচ আই ভি’ পজিটিভ ব্যক্তি এজনৰ শৰীৰত থকা ভাইৰাছক দমাই ৰাখিব পাৰি আৰু তেনেদৰেই সেই ব্যক্তিজন বহু বছৰলৈ সুস্থ–সবলভাৱে জীয়াই থাকিবলৈ সক্ষম হয়৷ বর্তমান ঔষধ ব্যৱহাৰ কৰি প্রায় ৭৫ শতাংশ লোকে সুস্থ জীৱন যাপন কৰি আছে৷ গতিকে বাকী প্রায় ২৫ শতাংশ লোকৰ বাবেও যাতে চিকিৎসা উপলব্ধ হ’ব পাৰে, তাৰ ওপৰত এই বছৰ বিশেষ গুৰুত্ব দিবলৈ সংকল্প লোৱা হ’ব৷
কিবা কথাত অলপো শংকা থাকিলেও ‘এইচ আই ভি’ৰ টেষ্ট কৰাই নিজৰ স্থিতিৰ বিষয়ে অৱগত হওক আৰু ইয়াৰ দ্বাৰা নিজৰ লগতে আপোনাৰ লগত জডিত আন ব্যক্তিৰ স্বাস্থ্যৰ প্রতি আহিব পৰা ভাবুকিকো প্রতিহত কৰক৷ আজিকালি প্রতিখন জিলাতে সম্পূর্ণ গোপনীয়ভাৱে পৰীক্ষা কৰাৰ বাবে চৰকাৰীICTC বোলা কিছু কেন্দ্র আছে৷ সাধাৰণতে প্রতিখন জিলাৰ অসামৰিক চিকিৎসালয়ৰ লগতে এই কেন্দ্র থাকে৷
মনত ৰাখিব ‘সজাগতাই আনে সুৰক্ষা’ আৰু অসমীয়াত কোৱাৰ দৰে ‘সাৱধানীৰ মৰণ নাই’৷

You might also like