নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত এখন হর্ডিঙতে অসমীয়া–বাংলা

প্রদীপ দত্ত ৰয়ৰ মুক্তিৰ দাবী–সাম্প্রদায়িক বিভেদ সৃষ্টিৰ প্রতিবাদ নাগৰিক সমাজৰ

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ শিলচৰত অসমীয়া ভাষাৰ হর্ডিং আঁতৰোৱাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ এনে প্রতিক্রিয়াৰ মাজতে আজি শিলচৰৰ মেহেৰপুৰৰ গোস্বামী ফিলিং ষ্টেচনৰ চৌহদত ভাৰত চৰকাৰৰ বিনামূলীয়া টিকাকৰণ কার্যসূচীৰ প্রচাৰ কৰা দুখন হর্ডিং লগোৱা হ’ল৷ এখন অসমীয়া আৰু আনখন বাংলা ভাষাৰ হর্ডিং লগোৱা হৈছে৷ ইয়াৰ পূর্বে কেৱল অসমীয়া ভাষাৰ হর্ডিং আছিল৷ উল্লেখ্য বিডিএফৰ মুৰব্বী প্রদীপ দত্ত ৰয়ে অসমৰ সংশোধিত চৰকাৰী ভাষা আইন উলংঘনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি অসমীয়া ভাষাৰ বিজ্ঞাপনৰ হর্ডিং আঁতৰোৱাৰ বাবে জিলা প্রশাসনক আহ্বান জনাইছিল৷ ১৯৬১ চনত কাছাৰত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রণয়ন কৰিবলৈ এঘাৰজন শ্বহীদ হৈছিল৷ দত্ত ৰয়ে দাবী কৰিছিল যে কাছাৰ জিলা প্রশাসনে অসমীয়াৰ সলনি বাংলা ভাষাত লিখা চৰকাৰী বিজ্ঞাপন লাগোৱা উচিত৷ যদি ৪৮ ঘণ্টাৰ ভিতৰত সলনি কৰা নহয়, তেন্তে বিডিএফ ৰাজপথলৈ ওলাই আহিব৷ ইয়াৰ পিছত আছুসহ জাতীয়তাবাদী সংগঠনে তীব্র প্রতিবাদ জনায়৷ তদুপৰি ২৬ নৱেম্বৰৰ দিনা গোস্বামী ফিলিং ষ্টেচন (পেট্ৰ’ল পাম্পৰ) কর্তৃপক্ষই নিৰাপত্তাৰ কথা উল্লেখ কৰি বিজ্ঞাপনটো আঁতৰাই দিয়ে৷ সিদিনাই প্রদীপ দত্ত ৰয়ক এছপিৰ কার্যালয়লৈ মাতি অনা হৈছিল আৰু পিছদিনা ২৭ নৱেম্বৰৰ দিনা তেওঁক ন ঘণ্টাতকৈ অধিক সময় আটক কৰি ৰখাৰ পিছত গ্রেপ্তাৰ কৰা হৈছিল৷

প্রদীপ দত্ত ৰয়ক গ্রেপ্রাৰ কৰাৰ প্রায় ৪৮ ঘণ্টাৰ পিছত একেই ঠাইতে অসমীয়া আৰু বাংলা ভাষাৰ বিজ্ঞাপনৰ হর্ডিং লগোৱা হৈছে৷ দুখন হর্ডিং লগোৱা ঘটনাটোৱে যথেষ্ট কৌতূহল সৃষ্টি কৰিছে৷ কিয়নো প্রদীপ দত্ত ৰয়ৰ দাবী অনুযায়ী বাংলা ভাষাৰ বিজ্ঞাপনৰ হর্ডিং লগোৱা হৈছে৷ ইপিনে শিলচৰৰ পেন্সনাৰ ভৱনত ফ’ৰাম ফৰ হাৰমনি আৰু কোৰাছ সংঘৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত হয়৷ সভাখনত নাগৰিকসকলে অসম চৰকাৰৰ ভূমিকা লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ গণতন্ত্রৰ স্বার্থত মতামত পোষণ আৰু দেশদ্রোহী আইন প্রয়োগ কৰি বিডিএফৰ মুখ্য আহ্বায়ক প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰত ক্ষোভ প্রকাশ কৰে৷ প্রদীপ দত্ত ৰয়ক চর্তহীনভাৱে মুক্তি দিয়াৰ দাবী জনায় আৰু সাম্প্রদায়িক বিভেদ সৃষ্টিৰ প্রতিবাদ জনায় নাগৰিক সভাই৷ উল্লেখ্য, প্রদীপ দত্ত ৰয়ৰ গ্রেপ্তাৰত যাতে আইন–শৃংখলা উলংঘন নহয় তাৰ বাবে কাছাৰৰ জিলা দণ্ডাধীশে কালি নিশাৰ পৰা কাছাৰ জিলাত ১৪৪ ধাৰা জাৰি কৰে৷ কিন্তু ১৪৪ ধাৰা চলি থকাৰ সময়তে শিলচৰত নাগৰিক সভা অনুষ্ঠিত হয়৷ তদুপৰি সোণাই সমষ্টিৰ স্বাধীন বজাৰত বিধায়ক কৰিম উদ্দীন বৰভূঞা আৰু জিলা উপায়ুক্ত কীর্তি জল্লীৰ উপস্থিতিত বিশাল জনসভা অনুষ্ঠিত হয়৷

You might also like