শ্বপিং মল–নার্ছিং হোমৰ অগ্ণিনির্বাপন ব্যৱস্থাৰ তথ্য মজুত ৰখাৰ নির্দেশ উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ বিভিন্ন বিষয়ৰ ওপৰত পর্যালোচনা কৰিবলৈ আজি উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কার্যালয়ৰ সভাকক্ষত সংশ্লিষ্ট বিভাগসমূহৰ লগত এখন সভা অনুষ্ঠিত কৰে৷ আভ্যন্তৰীণ জল পৰিবহণ, অগ্ণি আৰু জৰুৰীকালীন সেৱা, গুৱাহাটী পৌৰ নিগম, এনডিআৰএফ, বিদ্যুৎ, বন আদি বিভাগৰ বিষয়াবর্গ উপস্থিত থকা এই সভাত আকস্মিক দুর্যোগৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো সংশ্লিষ্ট বিভাগকে সদা সষ্টম হৈ থাকিবলৈ উপায়ুক্তই সভাত নির্দেশ দিয়ে৷ আনহাতে, জিলাখনত বর্তমান চলি থকা সকলো ধৰণৰ ফেৰী সেৱাৰ তথ্য মজুত ৰখাৰ লগতে জিলাখনৰ শ্বপিং মল, পার্ক আৰু হাস্পতাল–নার্ছিংহোম বিদ্যুৎ সংযোগ আৰু অগ্ণি নির্বাপন ব্যৱস্থাৰ বিষয়ে সকলো ধৰণৰ তথ্য ৰাখিবলৈ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণক নির্দেশ দিয়ে উপায়ুক্তই৷