নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫ শতাংশ ছাত্র–ছাত্রীৰ ভোটদানঃ আজি গণনা

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নির্বাচনক কেন্দ্র কৰি মঙলবাৰে বিশ্ববিদ্যালয় চৌহদত পুৱাৰে পৰাই আৰম্ভ হয় এক উখল–মাখল পৰিৱেশ৷ ক’ভিডকেন্দ্রিক ভয়াৱহ পৰিস্থিতিৰ বাবে সুদীর্ঘ দিন বিশ্ববিদ্যালয়ৰ পাঠদান কার্যসূচী বন্ধ হৈ আছিল যদিও শেহতীয়াভাৱে শ্রেণীসমূহ আৰম্ভ হোৱাৰ পিছত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্র সন্থাৰ নির্বাচনক কেন্দ্র কৰি বিগত কিছুদিনৰে পৰা নির্বাচনী বতাহে চুই যায় বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীক৷ মঙলবাৰে অনুষ্ঠিত হয় স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নির্বাচন৷ মঙলবাৰে    পুৱা ৯ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রসন্ন নাৰায়ণ চৌধুৰী ছাত্র জিৰণি কোঠা আৰু আর্টছ বিল্ডিঙত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্র সন্থাৰ ২০২০–২১বর্ষৰ নির্বাচনত এইবেলি মুঠ ৩৪গৰাকী ছাত্র–ছাত্রীয়ে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হয়৷

মঙলবাৰে  পুৱাৰে পৰাই ছাত্রাৱাস আৰু ছাত্রীনিবাসৰ আৱাসীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভাৰাঘৰত থকা ছাত্র–ছাত্রীৰ উপৰি অইন ছাত্র–ছাত্রীয়ে ভোটদান প্রক্রিয়াত অংশগ্রহণ কৰিবলৈ এক উছাহমুখৰ পৰিৱেশেৰে ওলাই অহা পৰিলক্ষিত হয়৷ উল্লেখনীয় যে মঙলবাৰে বিয়লি ২ বজাত আনুষ্ঠানিকভাৱে সামৰণি পৰে ভোটদান প্রক্রিয়া৷ এইবেলি স্নাতকোত্তৰ ছাত্র সন্থাৰ নির্বাচনত মুঠ ভোটাৰ আছিল ৪৬২৯জন৷ ইয়াৰে ২৫৪৬গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদানৰ হাৰ আছিল ৫৫ শতাংশ৷

উল্লেখনীয় যে আজি পুৱা ৯ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত অনুষ্ঠিত হ’ব ভোটগণনা৷ আজি অতি শান্তিপূর্ণভাৱে ভোটদান প্রক্রিয়া সম্পূর্ণ হোৱাৰ লগতে ছাত্র–ছাত্রীসকলৰ সহযোগিতাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে নির্বাচনী বিষয়াই৷

You might also like