নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ আলফা (স্বাধীন)ৰ সৈতে আলোচনাৰ প্রক্রিয়াই গতি লাভ কৰাৰ সময়তে শীঘ্রে মূলসুঁতিলৈ উভতি আহিব কমতাপুৰ লিবাৰেচন অর্গেনাইজেচন (কে এল অ’)৷ ইতিমধ্যে সশস্ত্র সংগঠনটোক আলোচনাৰ মেজলৈ অনাৰ বাবে ৰোড মেপ প্রস্তুত কৰিছে মধ্যস্থতাকাৰীয়ে৷ কেন্দ্রৰ পৰা লাভ কৰা সেউজ সংকেত আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত আৰম্ভ হোৱা এই প্রক্রিয়াই ইতিমধ্যে আগুৱাই গৈছে বহুদূৰ৷ পৃথক কমতাপুৰৰ দাবীৰে সংগ্রাম চলাই অহা কে এল অ’ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহক আলোচনাৰ মেজলৈ অনাৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকাত থিয় দিছে তেওঁৰেই পুত্র দিবাকৰ দেৱৰাজ সিংহ৷
অসম আৰু পশ্চিমবংগৰ ১০খন জিলাক সামৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সুদীর্ঘ কাল ধৰি বাংলাদেশ আৰু ম্যানমাৰৰ পৰাই সংগ্রাম চলাই থকা জীৱন সিংহক শান্তি প্রক্রিয়াত সামৰি লোৱাৰ বাবে শেহতীয়াকৈ পুত্র দিবাকৰ দেৱৰাজ সিংহই মধ্যস্থতাকাৰীৰ ৰূপত আগুৱাই অহা বিষয়টো যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ইফালে কে এল অ’ই শান্তি আলোচনালৈ অহাৰ বাবে কৰা আগ্রহৰ প্রতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আদৰণি জনাই টুইটযোগে কয় যে কেন্দ্রীয় চৰকাৰৰ দীঘলীয়া প্রচেষ্টাৰ ফলত এই অঞ্চললৈ আহিছে শান্তিৰ প্রক্রিয়া৷ মই কে এল অ’ৰ নেতৃত্বত মূলসুঁতিলৈ অহাৰ বাবে আদৰণি জনাইছোঁ৷ ৰাজনৈতিক আলোচনাৰ জৰিয়তে এই সমস্যাটোৰ অতি সোনকালে সমাধান হওক৷ অসম চৰকাৰে সকলো প্রকাৰৰ সহযোগিতা আগবঢ়াব৷ মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ পাছতেই শান্তি আলোচনাৰ প্রক্রিয়াই আজিৰ দিনটোত বিশেষ গতি লাভ কৰে৷
ইফালে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা জীৱন সিংহৰ পুত্র দিবাকৰ দেৱৰাজ সিংহই সমগ্র বিষয়টো যথেষ্ট সুস্থিৰভাৱে আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিলে৷ যোৱা ডেৰ বছৰ ধৰি কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ তথা অসম আৰক্ষীৰ সৈতে মধ্যস্থতাকাৰী হিচাপে যোগাযোগ অব্যাহত ৰখা দিবাকৰ দেৱৰাজ সিংহই জানিবলৈ দিয়া মতে, ইতিমধ্যে কেন্দ্রীয় মন্ত্রালয়ৰ সৈতে আলোচনাৰ বিষয়সমূহ কি হ’ব তথা কে এল অ’ৰ মূল দাবীসমূহৰ ওপৰত কিদৰে আলোচনা আগবঢ়াই নিয়া হ’ব, সেই সম্পর্কে বিস্তৃত দিশ পর্যালোচনা কৰা হৈছে৷ এইক্ষেত্রত অসম চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াইছে৷ দিবাকৰ দেৱৰাজ সিংহই কয়– কে এল অ’ শান্তিৰ পথত আহিলে সম্পূর্ণৰূপে সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে অসম চৰকাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতেও ব্যক্তিগতভাৱে মই যোগাযোগ চলাই এই প্রক্রিয়াক আগুৱাই নিছোঁ৷
তদুপৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালক (আইন–শৃংখলা) জি পি সিং আৰু ৭৩ মাউণ্টেইন ব্রিগেডিয়াৰ শচীন মেহতাৰ সৈতেও আলোচনা সন্দর্ভত বিভিন্ন দিশ পর্যালোচনা কৰা হৈছে৷ ইফালে এই আলোচনাক লৈ কে এল অ’ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহ যথেষ্ট আশাবাদী বুলি আজি উল্লেখ কৰিছে দেৱৰাজ সিংহই৷ আলোচনা প্রক্রিয়া সন্দর্ভত মধ্যস্থতাকাৰী তথা জীৱন সিংহৰ ধর্ম দিবাকৰ দেৱৰাজ সিংহই কয়– কমতাপুৰ কোচসকলৰ মূল পৰিচয়৷ গতিকে কমতাপুৰৰ লগত জড়িত হৈ থকা প্রতিজন লোকৰ স্বকীয় অধিকাৰ, সামাজিক অধিকাৰ জীয়াই থাকিব লাগিব৷ সেয়াই হৈছে মূল লক্ষ্য৷
উল্লেখ্য যে কেইবাবাৰো কে এল অ’ক শান্তি প্রক্রিয়ালৈ অনাৰ বাবে কেন্দ্রীয় চৰকাৰে বিশেষ উদ্যোগ গ্রহণ কৰি আহিছে৷ ১৯৯৯ চনত এনে শান্তি প্রক্রিয়াৰ মাজতেই গ্রেপ্তাৰ হৈছিল জীৱন সিংহ৷ ২০১৫ চনত জীৱন সিংহৰ মৃত্যুৰ বাতৰি প্রচাৰ হৈছিল যদিও আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জীৱন সিংহৰ অৱস্থিতিৰ কথা পোহৰলৈ আনিছিল৷ পুনৰ সশস্ত্র সংগ্রাম জোৰদাৰ কৰি তোলা জীৱন সিংহই বর্তমান বাহৰ পাতি আছে বাংলাদেশ আৰু ম্যানমাৰত৷ অসমৰ লগতে পশ্চিমবংগৰ মালদা, বিলাসপুৰৰ পৰা বাংলাদেশ আৰু নেপালৰ কেইবাখনো জিলাত কে এল অ’ৰ অৱস্থিতি আছে৷ তদুপৰি পশ্চিমবংগতো আছে কে এল অ’ৰ বহু অনুগামী৷ ইফালে মুখ্যমন্ত্রী ড০ শর্মাৰ বিশেষ উদ্যোগত আৰম্ভ হোৱা এই প্রক্রিয়াত মূলসুঁতিলৈ উভতি আহিব কে এল অ’ৰ ৩৫০জন কেডাৰ৷ মধ্যস্থতাকাৰী দিবাকৰ দেৱৰাজ সিংহই প্রকাশ কৰা মতে, কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচে প্রতিদিনে আলোচনা প্রক্রিয়া সন্দর্ভত বিস্তৃত তথ্য লৈ আছে তেওঁৰ পৰা৷ কে এল অ’ই শান্তি আলোচনালৈ আগ্রহ প্রদর্শন কৰাটো শান্তি স্থাপনৰ দিশত আন এক সবল পদক্ষেপ ৰূপে বিবেচিত হৈছে৷