নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামুদ্রিক ধুমুহা জাৱাদে তাণ্ডৱ সৃষ্টি কৰিব তিনিখন ৰাজ্যত

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  ভয়াৱহ সামুদ্রিক ধুমুহা ‘জাৱাদ’–এ তাণ্ডৱ সৃষ্টি কৰিব পাৰে উত্তৰ অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ উপকূলত৷ শনিবাৰে এই দুই ৰাজ্যৰ মাজত আহি খুন্দিয়াব বছৰটোৰ শেষৰ ভাগৰ এই সামুদ্রিক ধুমুহাই৷ ইয়াৰ প্রভাৱ পৰিব পাৰে পশ্চিমবংগৰ উপকূলৱর্তী জিলাসমূহত৷ ধুমুহাৰ ফলত এই জিলাসমূহত মুষলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে এই সতর্কবাণী কৰিছে৷ লক্ষণীয়ভাৱে সামুদ্রিক ধুমুহাৰ আশংকা কৰিয়েই কাইলৈৰ পৰা পশ্চিমবংগত বহু ৰে’লৰ সেৱা বাতিল কৰা হৈছে৷ আনকি হাওৰাৰ শালিমাৰ ৰে’ল য়ার্ডত লোহাৰ শিকলিৰে বান্ধি থোৱা হৈছে ৰে’ল৷ জাৱাদৰ ক্ষয়–ক্ষতি প্রতিৰোধ কৰিবলৈ ৰে’ল বিভাগে বিভিন্ন ক্ষেত্রত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ ইফালে, কেন্দ্রীয় চৰকাৰেও ধুমুহাৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিছে৷ জাৱাদৰ তাণ্ডৱ প্রতিৰোধ কৰিবলৈ অন্ধ্রপ্রদেশ আৰু ওড়িশাতো গ্রহণ কৰা হৈছে বিশেষ সতর্কতামূলক ব্যৱস্থা৷

You might also like