নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ শুল্ক ৰেহাই পৰিশোধৰ বাবে ৪৮০ কোটিত অনুমোদন

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে শুকুৰবাৰে ২০২১–২২ বিত্তীয় বর্ষৰ বাবে জীৱনধাৰা (বি পি এল), কম বেতনৰ ঘৰুৱা, এল টি বাণিজ্যিক আৰু ঔদ্যোগিক উপভোক্তাসকলক বিদ্যুৎ শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্ত লয়৷ এই ৰেহাইৰ পৰিশোধৰ বাবে আজি কেবিনেটে ৪৮০ কোটি টকাৰ অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে বর্তমানৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰা ১২ লাখৰো অধিক বি পি এল পৰিয়াল লাভান্বিত হ’ব৷ তদুপৰি ৪৫ লাখৰো অধিক কম বেতনৰ ঘৰুৱা গ্রাহকক সকাহ প্রদান কৰিব৷ কেবিনেটে ৰাজহুৱা খণ্ডৰ উন্নত বেলেঞ্চ শ্বীট আৰু ক্রেডিট ইনফ্ল’ৰ বাবে ২০২১ চনৰ ৩১ মার্চলৈ এ পি ডি চি এলৰ ৯৩০ কোটিৰ ঋণ আৰু অসম চৰকাৰৰ ৩,৩৫৯ কোটি টকা অনুদান ইউকুইটীলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লয়৷

এই কেবিনেটে চৰাইদেউ আৰু বিশ্বনাথত দুখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নির্মাণত অনুমোদন জনায়৷ চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫৫৭ কোটি টকা আৰু বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫,৬৪২ কোটি টকা প্রকল্প ব্যয় হিচাপে ধার্য কৰা হৈছে৷ এই প্রকল্পসমূহক অসম আন্তঃগাঁথনি বিত্ত সংস্থাই নাবার্ডৰ ঋণৰ জৰিয়তে পুঁজি যোগান ধৰিব৷ লগতে কেবিনেটে সমবায়ৰ ক্ষেত্রত প্রতিযোগিতামূলক তথা বৃত্তিগত বাতাৱৰণৰ প্রচাৰৰ লক্ষ্য আগত ৰাখি অসম সমবায় সমিতি আইন–২০০৭ৰ ধাৰা ৬ (৩) বিলোপৰ সংশোধনীমর্মে একেটা ক্ষেত্রত একে উদ্দেশ্যৰে গঠিত সমবায় সমিতিৰ পঞ্জীয়নত নিষেধাজ্ঞা জাৰি কৰিছে৷ কেবিনেটে যিকোনো বিভাগৰ অধীক্ষক অভিযন্তা পদত থকা উপযুক্ত ব্যক্তিক গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ (জি এম ডি এ) মুখ্য অভিযন্তা পদৰ বাবে যোগ্য বুলি বিবেচনা কৰাৰ সিদ্ধান্ত লয়৷ আনহাতে এই বৈঠকত অসম পৌৰ পৰিষদ আয়ুক্ত নির্বাচন (সংশোধনী) নিয়ম–২০২১মর্মে পৌৰ নির্বাচনত ই ভি এম ব্যৱহাৰত অনুমোদন জনায়৷

You might also like