নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টৰ পৰা আৰম্ভ হ’ব গেৰুকামুখ প্রকল্পৰ উৎপাদন

কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ২০২২ চনৰ আগষ্ট মাহৰ পৰাই সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ হ’ব৷ –শুকুৰবাৰে এই কথা ঘোষণা কৰে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে৷ উত্তৰ–পূর্বাঞ্চলৰ শক্তিমন্ত্রীসকলৰ উপস্থিতিত শুকুৰবাৰে মহানগৰীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত পুনৰ নির্মিত বিতৰণ খণ্ড আঁচনিৰ (ৰিভেম্পড ডিষ্ট্রিবিউচন ছেক্টৰ স্কীম) পর্যালোচনা বৈঠকত এই ঘোষণা কৰি কেন্দ্রীয় শক্তিমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম প্রায় সম্পূর্ণ হৈছে৷ অহা বর্ষৰ আগষ্ট মাহৰ পৰাই এই প্রকল্পটোৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব৷ বৃহৎ নদীবান্ধক লৈ চলি থকা প্রবল প্রতিবাদ তথা বিৰোধিতাৰ মাজতে আজি শক্তিমন্ত্রীগৰাকীয়ে জলবিদ্যুৎ প্রকল্প অবিহনে বিদ্যুতৰ চাহিদা পূৰণ কৰিব পৰা নাযাব বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে ইতিমধ্যে বহু দেশে জলবিদ্যুৎ প্রকল্পৰ জৰিয়তে বিদ্যুৎ খণ্ডত যথেষ্ট উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে৷ অৰুণাচল প্রদেশত চলি থকা কেইবাটাও জলবিদ্যুৎ প্রকল্প সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীৰ ঘোষণা– বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত অৰুণাচল এক হাবত পৰিণত হ’ব৷

উল্লেখ্য যে বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত প্রতিখন ৰাজ্যকে কিছু পৰিমাণে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ ৰিভেম্পড ডিষ্ট্রিবিউচন ছেক্টৰ স্কীমৰ ওপৰত যথেষ্ট পর্যালোচনা আৰম্ভ হৈছে৷ এই লক্ষ্যৰে আজি উত্তৰ–পূবৰ প্রতিগৰাকী শক্তিমন্ত্রীৰ উপস্থিতিত এই আঁচনিখন সন্দর্ভত কেন্দ্রীয় মন্ত্রীজনে বিস্তৃত আলোচনা কৰে৷ এই বৈঠকতে মন্ত্রী আৰ কে সিঙে ইয়াকো উল্লেখ কৰে যে আঁচনিখন ৰূপায়ণ কৰিলে প্রি–পেইড স্মার্ট মিটাৰিঙৰ জৰিয়তে উপভোক্তাসকল উপকৃত হ’ব৷ এই আঁচনিয়ে লোকচান হ্রাস কৰাত সহায় কৰিব৷ বৈঠকত শক্তিখণ্ডৰ আধুনিকীকৰণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে লোকচান হ্রাস কৰাৰ বাবে ৰাজ্যসমূহে বিলিং দক্ষতা উন্নত কৰা, চৰকাৰী বিভাগসমূহে নির্দিষ্ট সময়ত বিল পৰিশোধ কৰা আদি নিশ্চিত কৰাত গুৰুত্ব দিব লাগিব৷

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কেন্দ্রীয় চৰকাৰৰ সৌভাগ্য আঁচনিয়ে দেশৰ শক্তিখণ্ডলৈ উল্লেখযোগ্য পৰিৱর্তন লৈ আহিছে৷ তৃণমূল পর্যায়ত এই আঁচনি ৰূপায়ণ সুনিশ্চিত কৰাৰ ওপৰতো আজি মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয়– ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়ন সাধনৰ বাবে চৰকাৰখনে বিশেষ পদক্ষেপ লৈছে৷ প্রতিমাহে মই নিজেই এ পি ডি চি এলৰ কার্যালয়লৈ গৈ আঁচনিসমূহ ৰূপায়ণ সন্দর্ভত আলোচনা কৰি আছোঁ৷ বর্তমান শক্তিখণ্ডৰ ৰাজহ আদায়ৰ পৰিমাণ অতিশয় সন্তোষজনক বুলিও মুখ্যমন্ত্রীয়ে আজি উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– শক্তিখণ্ডত অনাগত দিনত অসম উল্লেখযোগ্য ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ আজিৰ এই অনুষ্ঠানত শক্তিমন্ত্রী বিমল বৰা, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ শক্তি বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like