নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত শীঘ্রে নতুন এছ’পি

সকলোকে ভেকচিন ল’বলৈ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিশ্বজুৰি আতংক সৃষ্টি কৰা অমিক্রনক লৈ সতর্ক হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ইতিমধ্যে দেশত দুজন লোক ক’ৰোনাৰ এই নতুন সংক্রমণত আক্রান্ত হোৱাৰ পাছতেই স্বাস্থ্য মন্ত্রালয়ে প্রতিখন ৰাজ্যক এই দিশত সতর্কতামূলক পদক্ষেপ গ্রহণৰ নির্দেশ দিছে৷ এই নির্দেশৰ পাছতেই স্বাস্থ্য বিভাগে অমিক্রনৰ বাবে বিশেষ এছ অ’ পি প্রস্তুতৰ সিদ্ধান্ত গ্রহণ কৰিছে৷  এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ শুকুৰবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰা মতে, অমিক্রনৰ বাবে নতুন এছ অ’ পি প্রকাশ কৰিবলৈ বিভাগ সাজু হৈছে৷ এই এছ অ’ পিৰ বাবে প্রস্তুতিও চলি আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র বিষয়টো পর্যালোচনা কৰি আছে আৰু অচিৰেই এক সিদ্ধান্তলৈ আহিব স্বাস্থ্য বিভাগ৷ স্বাস্থ্য বিভাগে অমিক্রন সংক্রমণ ধৰা পেলাবলৈ আৰ টি পি চি আৰ পৰীক্ষাৰ ওপৰতেই গুৰুত্ব দিছে৷ এই ভাইৰাছ ধৰা পেলাবলৈ বিভাগে সংক্রমণৰ এই নমুনা কলকাতা বা পুনেলৈ প্রেৰণ কৰিব লাগিব৷ ইয়াৰ বাবে যি প্রস্তুতি লাগে, সেই প্রস্তুতি স্বাস্থ্য বিভাগে সম্পূর্ণ কৰি তুলিছে৷
সকলোকে ভেকচিন ল’বলৈ আহ্বান মুখ্যমন্ত্রীৰ
ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ সংক্রমণক লৈ বিশ্বজুৰি সৃষ্টি হৈছে আতংকৰ৷ ইতিমধ্যে দেশজুৰি গ্রহণ কৰা হৈছে ব্যাপক সতর্কতা৷ ইয়াৰ মাজতে সমগ্র বিষয়টোক লৈ উদ্বিগ্ণ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ অমিক্রনৰ সংক্রমণ সন্দর্ভত  প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে সমগ্র বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে চৰকাৰে৷  আমিনগাঁৱত এক অনুষ্ঠানৰ অন্তত এই সন্দর্ভত তেওঁ কয়– ‘কর্ণাটকত অমিক্রনৰ সংক্রমণ দুজনৰ পৰা ১২জনলৈ বৃদ্ধি পাইছে৷ বিষয়টোৰ ওপৰত আমি চোকা নজৰ ৰাখিছোঁ৷ যি সময়ত প্রয়োজন হ’ব, সেই সময়ত যিধৰণৰ কার্যব্যৱস্থা ল’ব লাগে আমি ল’ম৷ দুই–তিনি দিনৰ পৰা বিজ্ঞানীসকলে প্রকাশ কৰি আহিছে যে ভেকচিন গ্রহণ কৰাসকলৰ বাবে বহুত চিন্তা কৰিবলগীয়া নাথাকে৷’ সেয়েহে ৰাজ্যৰ প্রতিজন যোগ্য ব্যক্তিক ভেকচিন ল’বলৈ আহ্বান জনাই তেওঁ কয় যে যিসকলে প্রথম পালি ভেকচিন লোৱা নাই, তেওঁলোকে প্রথম পালি ভেকচিন গ্রহণ কৰক৷ সেইদৰে দ্বিতীয় পালি ভেকচিন গ্রহণ নকৰাসকলেও শীঘ্রে দ্বিতীয় পালি গ্রহণ কৰক৷ উল্লেখ্য যে ভাৰতকে ধৰি ৩০খনতকৈও অধিক দেশলৈ সংক্রমিত হৈছে অমিক্রন৷
নতুনকৈ আক্রান্ত ১৪৩
শুকুৰবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১৪৩জন লোক৷ বিগত ২৪ ঘণ্টাত মুঠ ২৯,৬৬৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ০.৪৮ শতাংশ৷ ইপিনে আজি ক’ভিডমুক্ত হৈছে ১৯৬জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১,১৩৩জন৷ ক’ভিডত আজি মৃত্যু ঘটিছে ২জন লোকৰ৷

You might also like