নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতিঃ প্ৰদীপ দত্তৰয়ৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ অৱশেষত ক’ভিড পৰিস্থিতি আৰু শাৰীৰিক অসুস্থতাৰ কথা বিবেচনা কৰি বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আদালতে। বুধবাৰে অধিবক্তা সৌমেন চৌধুৰীয়ে প্ৰদীপ দত্তৰয়ৰ শাৰীৰিক অৱস্থা বিবেচনা কৰি কাছাৰৰ জিলা দায়ৰা আদালতত জামিনৰ বাবে আবেদন কৰিছিল। অধিবক্তাজনে যুক্তি দিছিল যে, বৰ্তমানৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আঠজন চিকিৎসকৰ ক’ভিড পজিটিভ ধৰা পৰিছে । এনে পৰিস্থিতিত যকৃত স্থানান্তৰ হোৱা ৰোগী হিচাপে প্ৰদীপ দত্তৰয়ৰ চিকিৎসালয়ত ৰখাটো তেওঁৰ জীৱনৰ বাবে বিপজ্জনক। তেওঁ আদালতক প্ৰদীপ দত্তৰয়ক জামিন দিবলৈ আবেদন জনায় । ইয়াৰ পিছতেই ন্যায়াধীশে প্ৰদীপ দত্তৰয়ক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে ।

জানিব পৰা মতে, জামিন পোৱাৰ পিছত প্ৰদীপ দত্ত আজি ৰাতি ঘৰলৈ উভতি আহিছে । উল্লেখ্য, অসমীয়া-বাংলা হ’ৰ্ডিঙ কান্ড লৈ যোৱা ২৭ নৱেম্বৰৰ সন্ধিয়া প্ৰদীপ দত্তৰয়ক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

You might also like