ঢকুৱাখনা উচ্চতৰ মাধ্যমিকত সংহত বিজ্ঞানাগাৰ ভৱন
ঢকুৱাখনা সম জিলাৰ অগ্ৰণী শিক্ষনুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত সংহত বিজ্ঞানাগাৰ ভৱনটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে।
সমগ্ৰ শিক্ষা,অসমৰ অধীনৰ পুঁজিৰ ১৮ লাখ ৯৭ হেজাৰ টকা ব্যয়ৰে নিৰ্মিত উক্ত ভৱনটোৰ ফিটা কাটি উদ্ধোধন কৰাৰ পিছতেই ভৱন প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কল্পনা গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক নৱ কুমাৰ দলেয়ে কয়- ছাত্ৰ-ছাত্ৰীয়ে পুথিগত বিদ্যাৰ উপৰিও হাতে-কামে পৰীক্ষা-নিৰীক্ষা কৰি বিজ্ঞানৰ ধাৰণাসমূহ সহজে বুজি পোৱাত ই সহায় কৰে।
ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা, অসম’ৰ অধীনত ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানমনস্কতা গঢ়ি তুলিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ কথা উল্লেখ কৰি শিক্ষানুষ্ঠানখনত নতুনকৈ নিৰ্মান কৰা সংহত বিজ্ঞানাগাৰটোৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণ কৰি যথেষ্ট উপকৃত হব বুলি আশা প্ৰকাশ কৰে।
উদ্ধোধনী অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই, লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বেদব্ৰত গগৈ, ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণব গগৈ, বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক ইভাৰানী চমুৱাৰ লগতে শিক্ষক-কৰ্মচাৰী,ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৯ জুন