নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ডেকাচাঙত মনগীত প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: অসমৰ সংগীত প্রতিভাক এখন মঞ্চ প্রদানৰ বাবে প্রতিশ্রুতিবদ্ধ তৃতীয় বার্ষিক মনগীত উৎসৱ ১৫–১৭ জানুৱাৰীত স্থায়ী ঠিকনা মাজুলীৰ ডেকাচাঙত অনুষ্ঠিত হ’ব৷ যোৱা বর্ষৰ মনগীত উৎসৱ ক’ভিড মহামাৰীৰ বাবে ভার্চুৱেল মাধ্যমেৰে অনুষ্ঠিত হৈছিল৷ অসম আৰু মুম্বাইৰ প্রতিষ্ঠিত সংগীত শিল্পীৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব লগা উৎসৱত ভাগ ল’ব বিচৰা আগ্রহীসকলে তেওঁলোকৰ অংশগ্রহণ ১৫ ডিচেম্বৰৰ ভিতৰত[email protected] ই–মেইলত নিশিচত কৰিব পাৰে৷

উল্লেখ্য যে ২০২০ চনৰ জানুৱীত প্রথম বার্ষিক মনগীত প্রতিযোগিতা মাজুলীৰ ডেকাচাঙত অনুষ্ঠিত হৈছিল৷ য’ত অসমৰ প্রতিষ্ঠিত শিল্পী জয় বৰুৱা, শংকুৰাজ কোঁৱৰ, অনুৰাগ শইকীয়া, ধ্রুৱজ্যোতি ফুকন, যতীন শর্মা, মানস মহন্ত, শাশ্বতী ফুকন আৰু বহু শিল্পী উপস্থিত থাকে৷

উল্লেখ্য যে উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে প্রতিযোগীসকলৰ লগত ভাব বিনিময় কৰে৷ অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তা কৌশিক নাথে জানিবলৈ দিয়া মতে, অসমৰ সংগীত শিল্পী, গায়ক আৰু গীতিকাৰসকলে তেওঁলোকৰ নিজস্ব ব্যৱস্থাপনাৰ সৈতে ইয়াত অংশগ্রহণ কৰিব পাৰিব৷ উচ্চ মানবিশিষ্ট জুৰীয়ে নির্বাচিত কৰিব নির্দিষ্টসংখ্যক মূল প্রতিযোগিতাত অংশগ্রহণকাৰীক৷ নিয়ম আৰু চর্তাৱলী জানিবলৈ Mongeet-The soul songs’ৰ ফেচবুক পেজ চাব পাৰে৷

অধিক তথ্য জানিবলৈ হোৱাটছএপ নম্বৰ ৭৩৯৯২–৩১৩৬৪, ৯৮৬৪৫–০৫০১১ত যোগাযোগ কৰিবলৈ নতুবা[email protected]ত মেইল কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে৷

You might also like