নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেনেৰেল ৰাৱাটলৈ শ্রদ্ধার্ঘ্য

হঠাতে সংঘটিত দুর্ঘটনাটোৰ অকল্পনীয় শোকত মর্মাহত সমগ্র দেশখন৷ দুর্ঘটনা শব্দটোৰ বেদনা এনেয়েও জুখিব নোৱাৰি৷ ই কেতিয়া কাৰ বুকু উদং কৰি কাক লৈ যায়, তাৰ ঠিকনা নাই৷ তদুপৰি কাৰো মৃত্যুৰ সৈতে কাৰো তুলনা নহয়৷ প্রতিটো জীৱন মূল্যৱান৷ প্রতিজন ব্যক্তিয়েই একোটা অমূল্য জীৱনৰ অধিকাৰী৷ কিন্তু তাৰ মাজতো কিছুমানৰ মৃত্যুৱে দেশখন জোকাৰি যায়৷ শোকৰ গভীৰ সাগৰত জনসাধাৰণক পেলাই থৈ যায়৷ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত আজি সমগ্র দেশ শোক সাগৰত৷ এনে এটা অঘটন সংঘটিত হ’ব বুলি কোনো এজন ভাৰতীয়ই কল্পনাই কৰিব পৰা নাছিল৷ তেওঁ এটা সন্ধিক্ষণত তিনিও সেনাবাহিনীৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল৷ তেওঁ ভাৰতৰ প্রথমগৰাকী চি ডি এছ৷ স্থলসেনাৰ মুৰব্বী হিচাপে দেশখনক উল্লেখনীয় সেৱা আগবঢ়াই যোৱা ৰাৱাটক চি ডি এছ হিচাপে মনোনীত কৰোঁতে কোনো বিতর্ক হোৱা নাছিল৷ আচলতে বিতর্কৰ অৱকাশেই নাছিল৷ এজন যোগ্য ব্যক্তিক সঠিক সন্মান আৰু মর্যাদা প্রদান কৰা হৈছিল৷ জেনেৰেল বিপিন ৰাৱাটে চি ডি এছ পদটো হাতত লাভ কৰা সময়ত দেশখন আত্মবিশ্বাসৰ এটা বিশেষ স্তৰত উপনীত হৈছিল৷ ভাৰতৰ কোটি কোটি লোক বিশ্বগুৰু হোৱাৰ স্বপ্ণৰে উতলা হ’বলৈ ধৰিছিল৷ বিদেশৰ মঞ্চত ভাৰতৰ সন্মান–মর্যাদাই নতুন গতি লাভ কৰিছিল৷ ৰাজনৈতিক নেতৃত্বৰ হাতত ধৰি দেশখন বিশ্বজয়ৰ দিশে অগ্রসৰ হ’বলৈ ধৰিছিল৷ কিন্তু দেশখনৰ নতুন আত্মবিশ্বাস আৰু প্রত্যয়ৰ সন্মুখত দুখন প্রতিৱেশী ৰাষ্ট্রই হেঙাৰ সৃষ্টি কৰিছিল৷ বিশেষকৈ চীনে ভাৰতক হেয় প্রতিপন্ন কৰিবলৈ চক্রান্তৰ ত্রুটি কৰা নাছিল৷ গালৱানৰ পৰা অৰুণাচল সীমান্তলৈকে বিস্তৃত অঞ্চলত বেইজিঙে ভাৰতৰ বিৰুদ্ধে আগ্রাসন চলাই গৈছিল মাথোঁ দেশখনৰ আত্মবিশ্বাস ভাঙিবলৈ৷ আক্রমণ তেওঁলোকৰ উদ্দেশ্য নাছিল৷ গালৱানত চীনা সৈন্যই ভাৰতক আক্রমণৰ উদ্দেশ্যে সমৱেত হোৱা নাছিল৷ তাত চীনা সৈন্যৰ কোনো বাংকাৰো নাছিল৷ মুকলি ঠাইত অৱস্থান কৰি ভাৰতক ৰঙা চকু দেখুৱাইছিল একমাত্র ভাৰতক মানসিকভাৱে দুর্বল কৰিবলৈ৷ এই সময়ছোৱাত জেনেৰেল ৰাৱাটে প্রতিপক্ষৰ চকুত চকু থৈ ভাৰতৰ অৱস্থান স্পষ্ট কৰিছিল৷ তেওঁ বেইজিঙৰ ৰঙা চকুক অকণো ভয় নকৰি দেশখনৰ সেনাক পৰম দৃঢ়তাৰে নেতৃত্ব দিছিল৷ তেওঁ ভাৰতীয় সেনাৰ এনে এজন নেতা আছিল, যিয়ে চীনক মুকলিকৈ আক্রমণৰ প্রত্যাহ্বান জনাইছিল৷ শত্রুৱে যদি দেশ আক্রমণ কৰে, ভাৰত বহি নাথাকে বুলি বজ্রকণ্ঠে ঘোষণা কৰিছিল৷ ভাৰতৰ দৰে আত্মবিশ্বাসৰ উচ্চতাৰ দিশে অগ্রসৰ এখন ৰাষ্ট্রক এনে নেতৃত্বৰ প্রয়োজন আছিল৷ তেওঁ কেৱল সেনাৰে নহয়, দেশখনৰ জনসাধাৰণকো উজ্জীৱিত কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ সামৰিক ইতিহাসত এইটো বিৰল ঘটনা বুলিয়েই ক’ব পাৰি৷ ইয়াৰ পূর্বে কোনো এজন সেনাপ্রধানে দেশৰ জনগণক এইদৰে উজ্জীৱিত কৰিব পৰা নাছিল৷ অৱশ্যে ইয়াৰ অর্থ এইটোও নহয় যে ইয়াৰ পূর্বে দেশখন সংকটৰ সন্মুখীন হোৱা নাছিল৷ লগতে এইটোও নহয় যে সেই সময়ছোৱাত সামৰিক নেতৃত্বই দেশখনক সংকটৰ পৰা মুক্ত কৰাত পৰাক্রম আৰু বীৰত্ব প্রদর্শনত অপাৰগ হৈছিল৷ জেনেৰেল ৰাৱাটে ব্যক্তিত্বৰে সকলাৰে মন মুহিছিল৷ কর্মৰে উদাহৰণ স্থাপন কৰিছিল৷ দেশখনৰ প্রতিজন নাগৰিকে তেওঁৰ সৈতে আত্মিক সম্পর্ক এটা অনুভৱ কৰিছিল৷ এইটো পূর্বতে হোৱা নাছিল৷
জেনেৰেল ৰাৱাটে ১৯৭৮ চনৰ ১৬ ডিচেম্বৰত গোর্খা ৰাইফলছৰ পঞ্চম বেটেলিয়নৰ জৰিয়তে সেনাবাহিনীত জড়িত হৈ দেশসেৱাৰ অনবদ্য যাত্রাটো আৰম্ভ কৰে৷ তেওঁ আছিল এজন দক্ষ ৰণকৌশল নির্ধাৰক৷ বিপিন ৰাৱাটে সমৰ কৌশল অধ্যয়ন কৰি মিৰাটৰ চৌধাৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অৱ ফিলছ’ফী লাভ কৰিছিল৷ সেয়ে শত্রু পক্ষৰ ৰণকৌশল আয়ত্ত কৰাত ৰাৱাটৰ আছিল অপূর্ব দক্ষতা৷ তেওঁৰ কার্যকালত চীন, পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই গ্রহণ কৰা নীতি আৰু সাফল্য ইয়াৰ জ্বলন্ত প্রমাণ৷ ১৯৮৭ৰ চীনৰ পি এল এৰ বিৰুদ্ধে সেনাক দক্ষতাৰে নেতৃত্ব দিছিল ৰাৱাটে৷ সেই সময়ছোৱাতে চীনৰ সেনাই চামদৰং ছু উপত্যকাত আগ্রাসন চলাইছিল৷ তেতিয়াই ভাৰতীয় সেনাৰ সৈতে চীনা সৈনিকৰ সংঘাতৰ সৃষ্টি হৈছিল৷ চীনা সৈন্যক সেইবাৰ ভাৰতে ভালদৰেই এসেকা দিছিল৷ তাৰ পাছত বহু বছৰলৈ চীনা সৈন্যই নীৰৱতা অৱলম্বন কৰিছিল৷ তদুপৰি ৰাষ্ট্রসংঘৰ মিছনত কংগোলৈ যোৱা জেনেৰেল ৰাৱাটে ম্যানমাৰত উগ্রপন্থীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তো ডিমাপুৰৰ ৩ ক’ৰৰ দায়িত্বত আছিল৷ ২০১৫ চনৰ জুনত মণিপুৰৰ ইউ এন এল এফ ডব্লিউ উগ্রপন্থী সংগঠনটোৱে এম্বুশ্ব পাতি ১৮ ভাৰতীয় সেনাৰ প্রাণ কাঢ়িছিল৷ সেই সময়ত ভাৰতীয় সেনাই উগ্রপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ ম্যানমাৰৰ সীমা অতিক্রম কৰিছিল৷ ৰাৱাটৰ নেতৃত্বতেই সেনাই এই অভিযান চলাইছিল৷ সেনাৰ মুৰব্বী হিচাপে নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ, কাজাখস্তান, তুর্কেমেনিস্তান, শ্রীলংকা, ৰাছিয়া, ভিয়েটনাম, টাঞ্জানীয়া, কেনিয়া, আমেৰিকা যুক্তৰাষ্ট্র আদি ভ্রমণ কৰা জেনেৰেল বিপিন ৰাৱাট চুবুৰীয়া ৰাষ্ট্র চীনৰ বিৰুদ্ধে সৰৱ হৈ আছিল৷ ৪০ বছৰীয়া সেৱাত জেনেৰেল ৰাৱাটে পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, যুদ্ধ সেৱা মেডেল, সেনা মেডেল, বিশিষ্ট সেৱা মেডেলকে ধৰি বিভিন্ন সন্মান লাভ কৰিছিল৷ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু ভাৰতৰ বাবে এটা বৃহৎ ক্ষতি হৈ ৰ’ব৷ তেওঁ চি ডি এছৰ দায়িত্ব পালন কৰি থকা সময়ত ভাৰতীয় সেনাক আধুনিক প্রযুক্তিৰে শক্তিশালী কৰাত মনোনিৱেশ কৰিছিল৷ এইটো যিকোনো ৰাষ্ট্রৰ সেনাৰ বাবে সময়ৰ দাবী৷ আজিৰ পৃথিৱীখন তথ্য আৰু প্রযুক্তিৰ৷ ইয়ে দেশ এখনৰ সন্মুখত নতুন নতুন প্রত্যাহ্বান সৃষ্টি কৰিছে৷ সমৰ ক্ষেত্রখনক আন এটা স্তৰলৈ লৈ গৈছে৷ ইয়াৰ সৈতে মোকাবিল কৰিব পৰাকৈ দেশ এখনৰ সেনাবাহিনীক সক্ষম আৰু সমর্থৱান কৰাটো অতি জৰুৰী৷ জেনেৰেল ৰাৱাটে তাকেই কৰি ভাৰতীয় সেনাক বিশ্বৰ অন্যতম আধুনিক সেনাবাহিনী ৰূপে গঢ় দিয়াৰ পদক্ষেপ হাতত লৈছিল৷ উত্তৰণৰ এই নীৰৱ বিপ্লৱৰ বাবে জেনেৰেল ৰাৱাটক ভাৰতে চিৰদিন মনত ৰাখিব৷ দেশবাসীয়ে তেওঁক মনত ৰাখিব শক্তিশালী নেতৃত্বৰ বাবে৷

You might also like