নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিটীবাছত অত্যধিক ভাৰা লৈছে যদি অভিযোগ দিয়ক ৬৯০১২–৬৯০০৬, ৬০২৬১–৭৬৭৫৫, ৯৫৩১১–০৭৪৮২ নম্বৰত

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: ভাৰাৰ নামত মহানগৰীৰ ৰাজপথত সর্বসাধাৰণক লুণ্ঠন কৰা ব্যক্তিগত পৰিবহণ ব্যৱস্থাৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ’ল পৰিবহণ বিভাগ৷ ক’ভিডসৃষ্ট পৰিৱেশত অত্যধিক যাত্রীৰ পৰা নিজ খেয়ালখুচি মতে ভাৰা আদায় কৰা চিটীবাছ–শ্বেয়াৰ টেক্সি সন্দর্ভত শুকুৰবাৰে পৰিবহণ বিভাগে গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে৷ দীর্ঘদিন ধৰি যাত্রীৰ পৰা লাভ কৰি অহা অভিযোগৰ ভিত্তিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চিটীবাছ, শ্বেয়াৰ টেক্সিৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে নির্দেশনা জাৰি কৰিছে৷

মহানগৰীত চলাচল কৰা চিটীবাছ আৰু শ্বেয়াৰ টেক্সিসমূহে অত্যধিক ভাৰা আদায় ল’লে যান–বাহন আৰক্ষী আৰু পৰিবহণ বিভাগক হোৱাটছএপযোগে অথবা প্রত্যক্ষভাৱে অভিযোগ দাখিল কৰিব পাৰিব৷ মহানগৰ জিলা প্রশাসনে জাৰি কৰা নির্দেশনা অনুসৰি যাত্রীয়ে যান–বাহন আৰক্ষীক ৬৯০১২–৬৯০০৬, ৬০২৬১–৭৬৭৫৫ আৰু পৰিবহণ বিভাগক ৯৫৩১১–০৭৪৮২ নম্বৰত অভিযোগ কৰিব পাৰিব৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ২০১২ চনত জাৰি কৰা নির্দেশনা অনুসৰিয়েই চিটীবাছ আৰু শ্বেয়াৰ টেক্সিসমূহে যাত্রীৰ পৰা ভাৰা ল’ব লাগিব৷ মহানগৰীৰ বিভিন্ন পথত চলাচল কৰা চিটীবাছসমূহে প্রতি ১–৩ কিঃমিঃ দূৰত্বত ৭ টকা ভাৰা যাত্রীৰ পৰা আদায় কৰিব পাৰে৷ ৩–৫ কিঃমিঃ ৮ টকা, ৫–৯লৈ ১২ টকা, ৯–১২লৈ ১৫ টকা ভাৰা আদায় কৰাৰ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু চিটীবাছ আৰু শ্বেয়াৰ টেক্সিসমূহে যাত্রী উঠিলেই প্রতিজনৰ পৰা নূন্যতম ১০ টকা ভাৰা আদায় লৈ আহিছে৷ তদুপৰি শ্বেয়াৰ টেক্সিসমূহে যাত্রীৰ পৰা নূন্যতম ভাৰা ২০ টকাকৈ আদায় লৈ আহিছে৷ মহানগৰীৰ ৰাজপথত চলাচল কৰা চিটীবাছ আৰু শ্বেয়াৰ টেক্সিয়ে যাত্রীৰ পৰা অতিৰিক্তভাৱে ক’ভিডসৃষ্ট পৰিস্থিতিৰ পিছৰে পৰা এই ভাৰা আদায় লৈ আহিছে৷

দীর্ঘদিন ধৰি নীতি–বহির্ভূতভাৱে চিটীবাছে যাত্রীৰ পৰা অতিৰিক্ত ভাৰা আদায় লৈ অহা বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি কামৰূপ মহানগৰ জিলা প্রশাসনে নির্দেশনা জাৰি কৰাত সকলোৱে সন্তোষ প্রকাশ কৰিছে৷ অৱশ্যে অভিযোগ দাখিলৰ বাবে মহানগৰ জিলা প্রশাসনে তিনিটাকৈ ফোন নম্বৰ মুকলি কৰিছে যদিও সেয়া কিমান কার্যকৰী সেয়া সময়তহে লক্ষণীয় হ’ব৷ পৰিবহণ বিভাগে নির্ধাৰণ কৰি দিয়া ভাৰাতকৈ অতিৰিক্তভাৱে ভাৰা আদায় লৈ অহা চিটীবাছ আৰু শ্বেয়াৰ টেক্সিৰ বিৰুদ্ধে শেহতীয়াকৈ মহানগৰ জিলা প্রশাসন কঠোৰ হৈ পৰাত চিটীবাছ আৰু শ্বেয়াৰ টেক্সিত যাতায়াত কৰা লোকসকলে সন্তোষ প্রকাশ কৰিছে৷

You might also like