খাকী পোছাকত ৰঙা দাগঃ দেশৰ ভিতৰতে অসমৰ আৰক্ষীৰ বিৰুদ্ধে সর্বাধিক গোচৰ
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: ‘জনহিত জনসেৱার্থে’– অসম আৰক্ষীৰ মূলমন্ত্র এই শব্দ দুটা বাস্তৱত ৰূপায়িত হোৱাক লৈ বিগত সময়ছোৱাত বিভিন্ন প্রশ্নৰ অৱতাৰণা হৈ আহিছে৷ ইয়াৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ খাকী পোছাকযোৰক একাংশই কলংকিত কৰাৰ বহু ঘটনাও সংঘটিত হৈছে৷ আইনৰ ভাষাত ক’বলৈ হ’লে এইসকল কলংকিতই অসম আৰক্ষীক জনসাধাৰণৰ দৃষ্টিত কার্যতঃ অপৰাধৰ ‘ৰেড ফ’চ’লৈ পর্যবসিত কৰিছে৷ সময়ে সময়ে উত্থাপিত অভিযোগে ৰাইজৰ কাঠগৰাত থিয় কৰাই আহিছে অসম আৰক্ষীক৷ শেহতীয়াকৈ নেচনেল ক্রাইম ৰেকর্ড্ছ ব্যুৰ’ৰ তথ্যই পুনৰ এবাৰ উন্মোচিত কৰিছে অসম আৰক্ষীৰ আন এক কলংকিত অধ্যায়৷
দেশৰ ভিতৰতে আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা সংখ্যাৰ ক্ষেত্রত শীর্ষস্থানত আছে অসম৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ (এন চি আৰ বি)ৰ প্রতিবেদনত প্রকাশ পাইছে এই উদ্বেগজনক তথ্য৷ ২০২০ বর্ষৰ প্রতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি অসমত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ২,১৭৯৷ লক্ষণীয়ভাৱে অসমৰ পাছতে দ্বিতীয় স্থানত থকা মহাৰাষ্ট্রত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা যথেষ্ট কম৷ প্রতিবেদনৰ তথ্য অনুসৰি এইক্ষেত্রত দ্বিতীয় স্থান দখল কৰি থকা মহাৰাষ্ট্রত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে মাত্র ৪০৭টা৷
ইপিনে আৰক্ষীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোটৰসমূহৰ ভিতৰত বর্তমানলৈ এটাও গোচৰত স্থগিতাদেশ জাৰি কৰা নাই আদালতে৷ ২০২০ বর্ষত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহত চার্জশ্বীট দাখিল কৰাতো ব্যর্থ হৈছে সংশ্লিষ্ট তদন্তকাৰী আৰক্ষী৷ মাত্র তিনিটা গোচৰতহে আৰক্ষীয়ে দাখিল কৰিছে চার্জশ্বীট৷ এই গোচৰসমূহত অভিযুক্ত মাত্র ৪জন আৰক্ষীক গ্রেপ্তাৰ কৰাৰ বিপৰীতে তিনিটা গোচৰতহে ফাইনেল ৰিপ’ট দাখিল কৰা হৈছে৷ ইয়াৰে এটাও গোচৰত এতিয়ালৈকে সম্পূর্ণ হোৱা নাই বিচাৰ প্রক্রিয়া৷ উল্লেখ্য যে শেহতীয়াকৈ ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে চলোৱা সমীক্ষাত স্মার্ট পুলিচৰ ৰেংকিঙত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ বিৰুদ্ধে দেশৰ ভিতৰতে সর্বাধিক গোচৰ ৰুজু হৈ থকাৰ পৰিপ্রেক্ষিতত বহু সময়ত আৰক্ষীৰ বিশ্বাসযোগ্যতাক লৈ উত্থাপন হৈ আহিছে প্রশ্ণৰ৷ বহু দুর্নীতি, কেলেংকাৰি, ছিণ্ডিকেট, ড্রাগ্ছ সৰবৰাহ আদি গোচৰত সাঙোৰ খাই আহিছে আৰক্ষীৰ নাম৷ আৰক্ষী অধীক্ষক (এছ পি) পর্যায়ৰ পৰা আৰম্ভ কৰি কনিষ্টবললৈকে এনে গোচৰত অভিযুক্ত হৈ আহিছে৷
শেহতীয়াকৈ আৰক্ষীয়ে ডিমা হাছাওৰ এটা গোচৰত শীর্ষ আৰক্ষী বিষয়াকে ধৰি ৮জনৰ বিৰুদ্ধে দাখিল কৰিছে চার্জশ্বীট৷ চি আই ডিয়ে দাখিল কৰা এই চার্জশ্বীটত ডিমা হাছাওৰ তদানীন্তন আৰক্ষী অধীক্ষক বীৰ বিক্রম গগৈ আৰু উপ–আৰক্ষী অধীক্ষক সূর্যকান্ত মৰাণসহ এগৰাকী উপ–পৰিদর্শক আৰু চাৰিজন আৰক্ষী কনিষ্টবলক অভিযুক্ত কৰা হৈছে৷ চার্জশ্বীটত উল্লেখ কৰা অনুসৰি ডিমা হাছাওৰ সন্তোষ হোজাই নামৰ এজন ব্যক্তিক নিজা বাসভৱনৰ পৰা অপহৰণ কৰি নি নির্যাতন চলাই হত্যা কৰা হৈছিল৷ চার্জশ্বীটত এইবুলিও প্রকাশ কৰা হৈছে যে সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ক্ষেত্রত আৰক্ষীয়ে সকলো নীতি–নিয়ম ভংগ কৰিছে৷ নিজৰ জিম্মাত থকা অৱস্থাত নীতিবিৰুদ্ধভাৱে হোজাইক আৰক্ষীয়ে প্রহাৰ কৰাৰ লগতে প্রয়োজনীয় চিকিৎসা সেৱাও প্রদান কৰা নাছিল৷ যাৰ বাবে আৰক্ষীৰ নির্যাতনত মৃত্যু হৈছিল সন্তোষ হোজাইৰ৷ অকথ্য নির্যাতনেৰে হোজাইক হত্যা কৰাতে আবদ্ধ নাথাকি এই ঘটনাৰ প্রমাণ নষ্ট কৰাৰ বাবে আৰক্ষীয়েই হোজাইৰ মৃতদেহ মাটিত পুতি পেলাইছিল বুলিও উল্লেখ কৰা হৈছে চার্জশ্বীটখনত৷ চি আই ডিৰ এই চার্জশ্বীটে আৰক্ষীয়ে কি পর্যায়ত অপৰাধ সংঘটিত কৰিব পাৰে, তাৰ ইংগিত প্রদান কৰিছে৷
কেৱল এই ঘটনাটোৱেই নহয়, ইয়াৰ পূর্বেও আন বহু গোচৰত এনেধৰণৰ শীর্ষ পর্যায়ৰ বিষয়া দুর্নীতি–কেলেংকাৰিত সাঙোৰ খাই পৰিছে৷ অসম আৰক্ষীত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত উৎকোচ লৈ একাংশ প্রার্থীক নিযুক্তি দিয়াৰ ষড়যন্ত্র কৰি কিছুদিন পূর্বে আৰক্ষীৰ জালত পৰিছিল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ৷ নিজৰ বিভাগৰ নিযুক্তিৰ পৰীক্ষাৰে প্রশ্ণকাকত ফাদিল কৰি গ্রেপ্তাৰ হৈছিল সঞ্জীত কৃষ্ণ৷ বহু সময়ত গোচৰ নিষ্পত্তি আৰু মীমাংসাৰ নামত উৎকোচ বিচাৰিও জে’লৰ ভাত খাবলগীয়া হৈছে অসম আৰক্ষীৰ বিষয়াই৷