আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বিশেষ বঁটা, যুৱ সাংবাদিক বঁটাৰে সন্মানিত বগীনদীৰ প্ৰেছ ক্লাৱৰ তিনি সদস্য
বগীনদীৰ আন দুগৰাকী বিশিষ্ট ব্যক্তিলৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বিশেষ বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: বগীনদী প্ৰেছ ক্লাৱৰ তিনিগৰাকী সদস্যক আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বিশেষ বঁটা আৰু যুৱ সাংবাদিক বঁটাৰে সন্মানিত কৰিছে দুটাকৈ পৃথক সংগঠনে। ইয়াৰ উপৰিও বগীনদীৰ আন দুগৰাকী বিশিষ্ট ব্যক্তিক আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বিশেষ বঁটাৰে সন্মানিত কৰিলে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে। আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস উপলক্ষে কালি মহানগৰী গুৱাহাটীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আয়োজন কৰা এক অনুষ্ঠানত বগীনদী প্ৰেছ ক্লাৱৰ দুগৰাকী সাংবাদিক সদস্য ক্ৰমে মজিন সোণোৱাল আৰু দ্বীপ প্ৰতিম বৰাক সংগঠনটোৱে ফুলাম গামোচা, সৰুদৈয়া জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বিশেষ বঁটা প্ৰদান কৰি সন্মানিত কৰে। একে অনুষ্ঠানতে বগীনদীৰ আন দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে কদম কছাৰী নিৱাসী তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলাৰ সভাপতি চক্ৰধৰ সোনোৱাল আৰু বিশিষ্ট উদীয়মান ব্যৱসায়ী কল্যাণ গগৈকো দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে অনুৰূপ বঁটা প্ৰদান কৰে। অন্যহাতে ভাৰতীয় সংবিধানৰ প্ৰণেতা বাবাচাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ ৬৬ ত্বম মৃত্যু দিৱস উপলক্ষত অনুসুচিত জাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বগীনদী প্ৰেছ ক্লাৱৰ অন্যগৰাকী সদস্য তথা নিউজ টাইম অসমৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলীক যুৱ সাংবাদিক বঁটা প্ৰদান কৰি সন্মানিত কৰে।
প্ৰেৰক: ভূবন গৌতম