নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়ৰ অন্তৰাত্মাত আছে গণতান্ত্রিক চেতনা

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: প্রতিগৰাকী ভাৰতীয়ৰ অন্তৰাত্মাত আছে গণতান্ত্রিক চেতনা৷ আইনৰ নিয়ম আৰু বহুত্ববাদী ধাৰণাক শ্রদ্ধা জনোৱাটোও প্রতিগৰাকী ভাৰতীয়ৰ অন্তৰাত্মাত আছে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ আমেৰিকা যুক্তৰষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে আঁত ধৰা ‘গণতন্ত্রৰ সন্মিলন’ত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় গণতন্ত্রৰ প্রতি নাগৰিকৰ ধাৰণা সম্বন্ধে এনেদৰে কয়৷ বিশ্বৰ ১২ দেশৰ নেতাৰ অংশগ্রহণেৰে ভার্চুৱেলযোগে আৰম্ভ কৰা গণন্ত্রৰ সন্মিলনখনৰ প্রথম দিনা প্রধানমন্ত্রী মোদীয়ে অংশ লৈ ৭৫ বছৰ পূর্বে আৰম্ভ হোৱা ভাৰতৰ সংবিধান সভাৰ প্রসংগ উল্লেখ কৰি কয় যে ভাৰতৰ গণতন্ত্রৰ প্রকৃত উৎসৰ অন্যতম হৈছে দেশখনৰ সভ্যতাৰ ধাৰণা৷ দেশৰ প্রতিজনৰ অন্তৰাত্মাত গণতন্ত্রৰ চেতনা আছে আৰু এই গণতন্ত্রৰ চেতনা প্রবাসী ভাৰতীয়সকলেও কঢ়িয়াই লৈ ফুৰিছে৷ এই চেতনাৰ দ্বাৰাই প্রবাসী ভাৰতীয়ই বসবাস কৰি থকা দেশখনৰ অর্থনৈতিক কল্যাণ আৰু সামাজিক সংহতিত অৰিহণা যোগাই আহিছে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে গণতান্ত্রিক দেশসমূহৰ নাগৰিকে সংবিধানপ্রদত্ত প্রমূল্যবোধক সমৃদ্ধিশালী কৰি ৰখাক প্রাধান্য দি কয় যে ভাৰতীয় গণতান্ত্রিক প্রশাসনৰ চাৰি স্তম্ভ হৈছে সংবেদনশীলতা, দায়বদ্ধতা, অংশীদাৰিত্ব আৰু সংস্কাৰমূলক ধাৰণা৷ প্রধানমন্ত্রীগৰাকীয়্ আনকি গণতান্ত্রিক নীতিয়ে আন্তর্জাতিক প্রশাসনক নির্দেশনা কৰাৰ ওপৰত গুৰুত্ব দি কয় যে প্রযুক্তিৰ গণতন্ত্রৰ ওপৰত ইতিবাচক আৰু নেতিবাচক প্রভাৱ পেলোৱাৰ সামর্থ্য আছে৷ এনে ক্ষেত্রত প্রযুক্তি কোম্পানীসমূহে মুকলি আৰু গণতান্ত্রিক সমাজ সংৰক্ষণত অৰিহণা যোগোৱা উচিত৷ সন্মিলনত আঁত ধৰা মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে কয় যে গণতন্ত্র হৈছে জনতাৰ দ্বাৰা, জনতাৰ বাবে, জনতাৰ চৰকাৰ৷ এই মূল ধাৰণাটোক বর্তাই ৰখাটো কঠিন যদিও সহমত আৰু সহযোগিতাৰ দ্বাৰা ইয়াক শ্রেষ্ঠ কৰি তুলিব পাৰি৷

You might also like