নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ উত্তৰ প্রদেশৰ বলৰামপুৰত ৯,৮০০ কোটি ব্যয়সাপেক্ষে নির্মাণ কৰা সৰযূ কেনেল ৰাষ্ট্রীয় প্রকল্প মুকলি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হেলিকপ্টাৰ দুর্ঘটনাত প্রাণ হেৰুওৱা চিডিএছ জেনেৰেল বিপিন ৰাৱাটক শ্রদ্ধাৰে সোঁৱৰণ কৰে৷ প্রকল্পটো উদ্বোধন কৰি ইয়াৰ জৰিয়তে কৃষক লাভৱান্বিত হোৱাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে চিডিএছ জেনেৰেল ৰাৱাটক লৈ কয়– দেশৰ প্রথম চিডিএছ জেনেৰেল ৰাৱাটৰ বিয়োগ দেশৰ বৃহৎ ক্ষতি৷ প্রতি দেশপ্রেমীয়েই তেওঁৰ সাহস আৰু দেশৰ সশস্ত্র বাহিনীৰ হকে আগবঢ়োৱা অৱদান সোঁৱৰণ কৰিব৷
উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে সৰযু কেনেল প্রকল্প মুকলি অনুষ্ঠানত উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, মুখ্যমন্ত্রী যোগী আদিত্যনাথ, কেন্দ্রীয় জলশক্তি মন্ত্রী গজেন্দ্র সিং শেখাৱটসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷