নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ শক্তি বৃদ্ধি পালে ভাৰতীয় নৌ সেনাৰ৷ চীন আৰু পাকিস্তানলৈ প্রত্যাহ্বান সৃষ্টি কৰি ভাৰতে এইবাৰ ‘ছুপাৰছনিক মিছাইল এছিছটেড টর্পেডো (স্মার্ট)’ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ কৰিছে৷ লক্ষণীয়ভাৱে অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে নির্মাণ কৰা হৈছে এই স্মার্ট টর্পেডো ছিষ্টেম৷ ওড়িশাৰ বালাছোৰৰ উপকূলৰ পৰা এই টর্পেডোৰ পৰীক্ষা চলোৱা হয়৷ ডি আৰ ডি অ’ৰ সূত্রই প্রকাশ কৰা অনুসৰি ইয়াৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে৷
লক্ষণীয়ভাৱে দীর্ঘ দূৰত্বত আঘাত হানিবলৈ সক্ষম হ’ব টর্পেডো পৰিবহণকাৰী ক্ষেপনাস্ত্র৷ বিশেষকৈ ছাবমেৰিন যুদ্ধৰ বাবে ইয়াক প্রস্তুত কৰা হৈছে৷ শীঘ্রে ভাৰতীয় নৌ সেনাৰ হাতত অর্পণ কৰা হ’ব এই অত্যাধুনিক সমৰাস্ত্র৷