নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোৰ যেতিয়াই মন যায়, তেতিয়াই ৰাজ্যসভালৈ যাম’-সংসদৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ ৰঞ্জন গগৈৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে সংসদত বিশেষাধিকাৰ ভংগৰ অভিযোগ আনিছে তৃণমূল কংগ্রেছে৷ তৃণমূল কংগ্রেছৰ সাংসদ মৌচম বেনজিৰ নুৰে গগৈৰ বিৰুদ্ধে এই অভিযোগ আনিছে৷ এন ডি টিভিৰ সৈতে অলপতে এক সাক্ষাৎকাৰত গগৈয়ে ৰাজ্যসভাত নিজৰ উপস্থিতিক লৈ মন্তব্য কৰিছে৷ সেই মন্তব্যৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ আনিছে তৃণমূল সাংসদগৰাকীয়ে৷

সাক্ষাৎকাৰটোত গগৈয়ে কৈছিল– ‘মোৰ যেতিয়াই মন যায়, তেতিয়াই ৰাজ্যসভালৈ যাম৷ যি বিষয় মোৰ বাবে গুৰুত্বপূর্ণ বিবেচিত হ’ব তাৰ ওপৰত বত্তৃণতা দিম৷ মই মনোনীত সদস্য৷ কোনো দলৰ হুইপ মানিবলৈ ৰাজী নহয়৷’ সংসদৰ নথি অনুসৰি ২০২০ চনৰ পৰা এতিয়ালৈকে ৰাজ্যসভাত গগৈৰ উপস্থিতি ১০ শতাংশতকৈও কম৷ গগৈয়ে এই মন্তব্য কৰাৰ পিছতে এয়া সংসদৰ বাবে এক অৱমাননা বুলি তৃণমূল সাংসদগৰাকীয়ে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে আন কেইবাটাও বিৰোধী দলে দেশৰ প্রাক্তন ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে অনুৰূপ অভিযোগ আনিব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে ৰাজ্যসভাৰ সাংসদ যদিও সাংসদৰ বেতন গ্রহণ কৰা নাই গগৈয়ে৷

You might also like