নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাণু–ৰাসায়নিক যুদ্ধৰ অনুশীলন চীনৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ভাৰতৰ সৈতে সীমান্তত সংঘাত চলি থকাৰ মাজতে তিব্বতত পাৰমাণৱিক, জৈৱিক আৰু ৰাসায়নিক যুদ্ধৰ আখৰা চলাইছে চীনে৷ ইয়াৰ ফলত ভৱিষ্যতে চীনৰ পিপল্ছ লিবাৰেচন আর্মী (পিএলএ) অধিক আগ্রাসী হৈ পৰিব পাৰে বুলি আশংকা কৰিছে ভাৰতৰ প্রতিৰক্ষা বিশ্লেষকসকলে৷ কালি ৰঙা চীনৰ সেনাৰ এটা নিউজ প’র্টেলে উল্লেখ কৰা অনুসৰি নৱেম্বৰ মাহৰ শেষৰ ভাগত তিব্বতত এই অনুশীলন চলোৱা হয়৷ প’র্টেলটোৱে প্রকাশ কৰা অনুসৰি তিব্বত সামৰিক অঞ্চলত এই অনুশীলন চলোৱা হয়৷ পিএলএ তথা চীনা সেনাৰ ৱেষ্টার্ন থিয়েটাৰ কমাণ্ডৰ তত্ত্বাৱধানত এই অনুশীলন চলোৱা হয় বুলিও প’র্টেলটোৱে সদৰী কৰিছে৷ উল্লেখনীয় যে চীনৰ পাঁচটা থিয়েটাৰ কমাণ্ডৰ ভিতৰত ভাৰতৰ সৈতে থকা সীমান্তৰ দায়িত্বত আছে ৱেষ্টার্ন থিয়েটাৰ কমাণ্ড৷

লাডাখৰ পৰা অৰুণাচল প্রদেশ পর্যন্ত প্রায় ৩,৫০০ কিলোমিটাৰ সীমান্ত ভাগ হৈছে ভাৰত আৰু চীনৰ মাজত৷ গতিকে তিব্বতত এই যুদ্ধৰ অনুশীলন নতুন দিল্লীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে৷ লক্ষণীয়ভাৱে এই অনুশীলনত অংশগ্রহণ কৰে পিএলএৰ কেইবাহাজাৰো সৈনিকে৷ কাল্পনিক শত্রুৰ বিৰুদ্ধে এই অনুশীলনত ৰকেট আক্রমণ চলায় চীনা বাহিনীয়ে৷ শত্রু শিবিৰ ধ্বংস কৰাৰ বাবে অত্যাধুনিক সামৰিক বাহনৰো অনুশীলন চলোৱা হয়৷ ইয়াৰ উপৰি গেছ মাস্ক আৰু বিশেষ পোছাক পৰিধান কৰি পাৰমাণৱিক তথা ৰাসায়নিক আক্রমণ ব্যর্থ কৰাৰ অনুশীলনো চলায় জোৱানসকলে৷

You might also like