শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ পৰিয়ালক আর্থিক সাহায্যক লৈ বিতর্কঃ জিয়াউৰ ৰহমানক ক্ষমা খোজাৰ দাবী
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ: ‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ পৰিয়ালক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্রায়ে আর্থিক সাহায্য প্রদান কৰা বুলি ছ’চিয়েল মিডিয়াত জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানে অপপ্রচাৰ কৰাৰ অভিযোগ তুলিছে ষ্টেফ’ৰ্ডৰ পৰিয়ালে৷ তদুপৰি জিয়াউৰ ৰহমানক অহা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ সময়সীমা বান্ধি দি নির্দিষ্ট সময়ৰ ভিতৰত ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা ষ্টেফ’ৰ্ডৰ বায়েক মৌচুমী বেগম আৰু ভিনীহিয়েক ছাদেক আলীয়ে দিছপুৰ প্রেছ ক্লাবত এক সংবাদ মেলত সদৰী কৰে৷
ছাদেক আলীয়ে আৰু কয় যে ষ্টেফ’ৰ্ডৰ মাতৃ পুত্রৰ শোকত জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ থকা সময়ত আছু নেতৃত্বই প্রায় তিনি লাখ টকা চিকিৎসা ব্যয় বহন কৰা বুলি ৰহমানে অপপ্রচাৰ চলাইছে৷ দৰাচলতে সেই সময়ত ষ্টেফ’ৰ্ডৰ মাতৃৰ চিকিৎসা ব্যয় মাত্র ১.২০ লাখ টকাহে আছু নেতৃত্বই বহন কৰা বুলি ছাদেক আলীয়ে উল্লেখ কৰে৷ প্রকৃততে জিয়াউৰ ৰহমানে এনে মন্তব্য কৰি শ্বহীদক অপমানৰ লগতে শ্বহীদ পৰিয়ালক মানসিকভাৱে কষ্ট দিয়া বুলি আলীয়ে কয়৷ অৱশ্যে ষ্টেফ’ৰ্ডৰ মৃত্যুৰ পাছত আৰু নেতৃত্বকে ধৰি ৰাজ্যৰ বহু দল–সংগঠন আৰু ব্যক্তিবিশেষে মৃতকৰ পৰিয়ালৰ কাষ চাপি বিভিন্ন ধৰণে সহায়–সহযোগ কৰা বুলি ষ্টেফ’ৰ্ডৰ বায়েক মৌচুমীয়ে সংবাদ মেলত সদৰী কৰে৷
ইপিনে, জিয়াউৰ ৰহমানে ছ’চিয়েল মিডিয়াত কৰা এই মন্তব্য জাতীয় পৰিষদৰ নহয় আৰু এই মন্তব্য ৰহমানৰ ব্যক্তিগত বুলি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ষ্টেফ’ৰ্ডৰ পৰিয়ালক জানিবলৈ দিয়া বুলি মৌচুমী বেগমে উল্লেখ কৰে৷