মহাৰাষ্ট্র চৰকাৰক ৰাজ্যখনত গৰুগাড়ী দৌৰ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আজি উচ্চতম ন্যায়ালয়ে অনুমতি প্রদান কৰিছে৷ উল্লেখনীয় যে ২০১৭ চনত সংশোধন ঘটোৱা প্রিভেঞ্চন অৱ ক্রুৱেলিটী টু এনিমেল এক্ট অনুসৰি দেশৰ শীর্ষ আদালতখনে মহাৰাষ্ট্র চৰকাৰক গৰুগাড়ী দৌৰ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ অনুমতি প্রদান কৰিছে৷ উল্লেখনীয় যে ইয়াৰ পূর্বে ব’ম্বাই উচ্চ ন্যায়ালয়ে এই বিতর্কিত গৰুগাড়ী দৌৰ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ আজি শীর্ষ আদালতখনৰ বিচাৰপতি এ এম খানৱিলকাৰ আৰু চিটি ৰবি কুমাৰৰ বিচাৰপীঠে এক আবেদনৰ শুনানি গ্রহণ কৰি এই ৰায় প্রদান কৰে৷