নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি দুদিনীয়াকৈ ধর্মঘট পালন কৰা সর্বভাৰতীয় বেংক বিষয়া মহাসংঘ (এআইবি’চি)ৰ দ্বিতীয় দিনাৰ কার্যসূচীত স্তব্ধ হৈ পৰে দেশৰ বেংক ব্যৱস্থা৷ এআইবি’চিৰ সাধাৰণ সম্পাদকে জনোৱা অনুসৰি আজি দ্বিতীয় ধর্মঘটত সাত লক্ষাধিক বেংক কর্মচাৰীয়ে অংশগ্রহণ কৰে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রীয় বেংকসমূহৰ কাম–কাজ এই ধর্মঘটৰ বাবে স্তব্ধ হৈ পৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ কাম–কাজ আজি নিয়মীয়াকৈ চলা পৰিলক্ষিত হয়৷ এইচডিএফচি, আইচিআইচিআই, কটাক মহিন্দ্র আদি বেংকৰ কাম–কাজ ধর্মঘটৰ দ্বিতীয় দিনাও নিয়মীয়াকৈ চলে৷
উল্লেখনীয় যে ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)কে ধৰি দেশৰ আটাইবোৰ ৰাষ্ট্রীয় বেংকৰ কর্মচাৰীসকলে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ প্রতিবাদ জনাই শুকুৰবাৰে দ্বিতীয় দিনাও দেশৰ বিভিন্ন স্থানত সংগঠিত কৰে প্রতিবাদ৷ স্মর্তব্য যে এই দুদিনীয়া ধর্মঘটৰ আহ্বান জনাইছিল ইউনাইটেড ফ’ৰাম ফৰ বেংক ইউনিয়ন (ইউএফবিইউ)এ৷ এই সংগঠনটো হৈছে নটাকৈ বেংক ইউনিয়নৰ এক উমৈহতীয়া মঞ্চ৷ এই ৯টা ইউনিয়নৰ ভিতৰত এআইবি’চি, এআইবিইএ, এন’বিডব্লিউৰ দৰে সর্বভাৰতীয় বেংক কর্মচাৰীৰ ইউনিয়নো আছে৷ কালি সন্ধিয়া দুদিনীয়া এই ধর্মঘটৰ অন্ত পৰে যদিও বিগত ৪৮ ঘণ্টাত দেশৰ বেংক ব্যৱস্থাত আহি পৰে স্থবিৰতা৷ লক্ষণীয়ভাৱে তীব্র সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় সমগ্র দেশৰ গ্রাহকসকল৷
ইফালে, দুদিনীয়া এই ধর্মঘটৰ সফল সামৰণিৰ পাছত এআইবিইএৰ সাধাৰণ সম্পাদক চিএইচ ভেংকটাচলমে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তই দেশজুৰি বেংক কর্মচাৰীসকলক ঐক্যবদ্ধ কৰিলে বুলি মন্তব্য কৰিছে৷