নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রনৰ আতংক চীনতঃ পুনৰ কঠোৰ লকডাউনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ প্রায় দুবছৰ পূর্বে য়ুহান চহৰৰ পৰা ক’ভিড–১৯ ভাইৰাছ বিয়পি পৰাৰ পিছত একাধিকবাৰ লকডাউন জাৰি কৰা হৈছে চীনত৷ ক’ভিড মহামাৰীৰ সময়ছোৱাত দেশৰ চৰকাৰে কার্যতঃ গৃহবন্দী কৰি ৰাখিছিল চীনৰ কোটি কোটি লোকক৷ মহামাৰীৰ সংক্রমণৰ প্রথম আৰু দ্বিতীয় জোৱাৰ হ্রাস কৰিবলৈ বিভিন্ন কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল বেইজিং প্রশাসনে৷ শেহতীয়াকৈ বিশ্বৰজুৰি ক’ভিডৰ পৰিৱর্তিত অমিক্রন প্রকৰণৰ আতংক বিয়পি পৰাৰ লগে লগে পুনৰ কঠোৰ লকডাউনৰ সিদ্ধান্ত লৈছে চীনে৷ কেইবাখনো চহৰত নতুনকৈ ক’ৰোনা সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহামাৰীক প্রতিৰোধ কৰাৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে দেশখন৷

শেহতীয়াকৈ পশ্চিম চীনৰ ঝিয়ান চহৰত সম্পূর্ণ লকডাউন কার্যকৰী কৰিছে চৰকাৰে৷ ঘন জনবসতিপূর্ণ এই চহৰৰ বাসিন্দাসকলক অতি জৰুৰী প্রয়োজন নহ’লে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ নির্দেশ দিছে৷ স্মর্তব্য যে ১৪খন প্রদেশত ১২৭গৰাকী লোক ক’ভিড মহামাৰীত নতুনকৈ আক্রান্ত হোৱাৰ লগে লগে চীনে এই কঠোৰ লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like