নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত ২২ বছৰৰ পিছত দেখা গ’ল দুষ্প্রাপ্য হেণ্ডফিছ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ টাছমানিয়াৰ উপকূলত সুদীর্ঘ ২২ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে খোজকাঢ়ি ফুৰিব পৰা এক দুষ্প্রাপ্য মাছ৷ ‘হেণ্ডফিছ’ হিচাপে পৰিচিত এই মাছবিধ হ’ল সোঁফালে দুখন হাতৰ দৰে ফান আছে৷ গোলাপী ৰঙৰ এই মাছবিধ ১৯৯৯ চনত অন্তিমবাৰৰ বাবে টাছমানিয়াৰ সমীপত প্রত্যক্ষ কৰিছিল এজন ডুবাৰুৱে৷ মাছবিধৰ অস্তিত্বক লৈ বিপর্যয় নামি অহা বুলি আশংকা কৰা হৈছে৷ দুই দশকতকৈ অধিককাল পূর্বে এই মাছবিধ বিলুপ্ত হৈ যোৱা বুলি ধাৰণা কৰিছিল বিজ্ঞানীসকলে৷ কিন্তু শেহতীয়াকৈ পুনৰ টাছমানিয়াৰ উপকূলৰ সমীপৰ গভীৰ জলৰাশিত মাছবিধৰ অৱস্থান ধৰা পৰাৰ লগে লগে জীৱ বিজ্ঞানীসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল৷ শেহতীয়াকৈ টাছমানিয়াৰ দক্ষিণ প্রান্তৰ উপকূলৰ জলৰাশিৰ ১৫০ মিটাৰ গভীৰত এই মাছবিধ দেখিবলৈ পোৱা গৈছে৷ জীৱ বিজ্ঞানী নেভিল বেৰেটে এই কথা সদৰী কৰিছে৷

You might also like