দালাই লামাৰ সংস্পৰ্শ লাভ কৰা বালিপৰাৰ সৈনিক নৰেন চন্দ্ৰ দাসৰ বিয়োগঃ অঞ্চলজুৰি শোকৰ ছাঁ
নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: দালাই লামাৰ সংস্পৰ্শ লাভ কৰা তথা অসম ৰাইফলছৰ প্ৰাক্তন সৈনিক বালিপৰাৰ নৰেন চন্দ্ৰ দাসৰ বিয়োগ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল দাস । মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৮৪ । বালিপৰা অঞ্চলত শোকৰ ছাঁ । বালিপৰা আঞ্চলিক আছু, বালিপৰা আঞ্চলিক উন্নতি সভা, অসম সেনা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চসহ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ । ১৯৫৯ চনৰ ১৭ মাৰ্চত তিব্বতীয় ধৰ্মগুৰু দালাই লামাই তিব্বতৰপৰা ভাৰতলৈ চীনা সীমান্ত হৈ ভাৰতলৈ পলাই আহোঁতে ভাৰত প্ৰৱেশত সহায় কৰিছিল সীমান্ত নিয়োজিত সেনা জোৱান নৰেন চন্দ্ৰ দাসে ।