নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–দঃ আফ্রিকাৰ প্রথম টেষ্টত বৰষুণ; দ্বিতীয় দিনৰ খেল পৰিত্যক্ত

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: ভাৰত আৰু ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ মাজত দেওবাৰৰ পৰা আৰম্ভ হোৱা তিনিখনীয়া টেষ্ট শৃংখলাটোৰ প্রথম টেষ্টত বৰষুণে বিঘিনি ঘটাইছে৷ সোমবাৰে পুৱাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দ্বিতীয়দিনৰ খেল সম্পূর্ণৰূপে পৰিত্যক্ত হয়৷ উল্লেখ্য যে ভাৰতে কালি অ’পেনাৰ লোকেশ ৰাহুলৰ অপৰাজিত ১২২ আৰু আজিংক্য ৰাহানেৰ অপৰাজিত ৪০ ৰানৰ সহায়ত ৩ উইকেটৰ বিনিময়ত ২৭২ ৰান সংগ্রহেৰে সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল৷ বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি মঙলবাৰ আৰু বুধবাৰে আকাশ ফৰকাল থাকিব আৰু মেচ অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে দক্ষিণ আফ্রিকাৰ মাটিত এতিয়ালৈকে টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম নোহোৱা ভাৰতীয় ক্রিকেট দলটোৱে এইবাৰ ইতিহাস ৰচাৰ লক্ষ্যৰে শৃংখলাত অৱতীর্ণ হৈছে৷

You might also like