নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ কংগ্রেছৰ সেৱা দলৰ কর্মীসকলৰ কাম পানীৰ বটল অনা, চকীখন দাঙি অনা নহয়৷ এইবোৰ কাম সেৱা দলৰ কর্মীৰ নহয়৷ –এই মন্তব্য প্রদেশ কংগ্রেছৰ সেৱা দলৰ নৱনিযুক্ত অধ্যক্ষ দীপ বায়নৰ৷ কংগ্রেছ দলৰ ১৩৭সংখ্যক প্রতিষ্ঠা দিৱসৰ দিনটোতে আজি প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত কংগ্রেছ সেৱা দলৰ ৯৮সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়৷ আজিৰ এই অনুষ্ঠানতে প্রদেশ কংগ্রেছৰ সেৱা দলৰ নৱনিযুক্ত অধ্যক্ষ দীপ বায়নে আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, নন্দিতা দাস আদিৰ উপস্থিতিত দায়িত্বভাৰ গ্রহণ কৰিয়েই বায়নে কংগ্রেছৰ একাংশ নেতাই সেৱা দলৰ কর্মীসকলক পানীৰ বটল অনা, চকী দাঙি অনা আদি কামত ব্যৱহাৰ কৰা কার্যত তীব্র ক্ষোভ উজাৰি কয় যে সেৱা দলৰ কর্মীসকলে ব্রিটিছক খেদিছিল৷ দেশৰ স্বাধীনতা সংগ্রামত সেৱা দলৰ কর্মীসকলৰ যথেষ্ট অৱদান আছে৷ সেৱা দলৰ এটা অধ্যায় আছে৷ সেৱা দলৰ কর্মীসকলে পৰিধান কৰা বগা পোছাকযোৰৰ আত্মসন্মান আছে৷ তেওঁলোকে মহাত্মা গান্ধীৰ আদর্শৰে অনুপ্রাণিত হৈ স্বাধীনতা সংগ্রামৰ দিনৰে পৰা নিয়মানুৱর্তিতাৰে কাম কৰি আহিছে৷ সম্প্রতি কংগ্রেছত সেৱা দলৰ কর্মীসকলক পানীৰ বটল অনা, চকী দঙা আদি কার্যত ব্যৱহাৰ কৰি অহাৰ তীব্র সমালোচনা কৰি প্রতিগৰাকী কংগ্রেছ নেতা–কর্মীক সেৱা দলৰ কর্মীসকলে পৰিধান কৰা বগা সাজযোৰক সন্মান কৰিবলৈ আহ্বান জনায়৷ ভাষণত তেওঁ অনাগত দিনত সেৱা দল, ইয়ং ব্রিগেডে ৰাজ্যত কংগ্রেছ দলক শক্তিশালী কৰিব বুলি উল্লেখ কৰি কয় যে লাচিতৰ দেশত থকা বদনসকলক উৎখাত কৰি অসমত কংগ্রেছৰ ভেটি শক্তিশালী কৰিব৷
ইপিনে, এই অনুষ্ঠানত অংশগ্রহণ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰায়ো একাংশ কংগ্রেছীক সমালোচনা কৰি কয় যে সম্প্রতি টিভি দেখিলেই কথা ক’ব লাগিবই বুলি একাংশৰ স্পৃহা তীব্রতৰ হৈ পৰিছে৷ টিভিৰ সন্মুখত তেওঁলোকে কোনে কিমান চোকা ভাষাৰে দলীয় নেতৃত্বক, সতীর্থ বিধায়কক সমালোচনা কৰিব পাৰে, তাৰ প্রতিযোগিতা চলিছে৷ ইয়াৰ ফলত দলৰ ক্ষতি অধিক হৈছে৷ অসমত কংগ্রেছ দল দুর্বল হোৱাৰ প্রসংগত বিগত ১৫ বছৰীয়া শাসনকালত ক্ষমতাত থকাৰ স্বার্থতে কিছু দলৰ সৈতে মিত্রতা কৰাটোকেই জগৰীয়া কৰি কয় যে ক্ষমতাৰ বাবে নির্ভৰশীল হৈ পৰাৰ বাবেই বিটিআৰ অঞ্চলত দল দুর্বল হৈ পৰিল৷ সেই অঞ্চলৰ কংগ্রেছ কর্মীসকলক ১৫ বছৰে কোনো মন্ত্রী–বিধায়কে চিনি নাপালে৷ তেওঁ আৰু কয় যে বর্তমান সময়ত প্রত্যেকেই নিজৰ স্বার্থৰ কথা ভাবিব লাগিব৷ কোনো লোক এতিয়া মহামানৱ মহাত্মা গান্ধী, হজৰত মহম্মদ, বুদ্ধদেৱ, শংকৰদেৱ, মাধৱদেৱ নহয়৷ কিন্তু একে সময়তে দলৰ স্বার্থৰ কথাও প্রত্যেকে ভাবিব লাগিব৷ বর্তমান অসমৰ মানুহে পৰিৱর্তনৰ পৰা পৰিৱর্তন বিচাৰিছে৷ অসমৰ মানুহে বিজেপিৰ বিকল্পৰ সন্ধান কৰিছে৷ এইক্ষেত্রত কংগ্রেছ দল যে বিজেপিৰ বিকল্প, সেই কথা দলৰ কাম–কাজ, চিন্তাধাৰাত প্রতিফলিত হ’ব লাগিব৷ ইয়াৰ বাবে প্রতিজন কংগ্রেছ কর্মীয়ে সচেষ্ট হ’ব লাগিব৷ প্রশিক্ষণ মানে কেৱল শ্রেণীকোঠাত দিয়া প্রশিক্ষণ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে প্রশিক্ষণ প্রত্যেকে হূদয়ংগম কৰিব লাগিব৷ প্রদেশ কংগ্রেছৰ সেৱাদলৰ নতুন অধ্যক্ষগৰাকীয়ে দায়িত্ব গ্রহণ কৰাৰ পিছত এতিয়া ৩৫খন জিলাত নতুন জিলা সমিতি আৰু ১২৬টা সমষ্টিতে নতুন সমষ্টি কমিটী গঠন হ’ব৷ নতুন কমিটী গঠন সম্পূর্ণ হোৱাৰ পিছত সেৱা দলৰ প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হ’ব৷ অনুষ্ঠানত বিৰোধী দলপতি দেৱব্রত শইকীয়াই এক তথ্যসমৃদ্ধ আৰু সেৱা দলৰ ভূমিকা, প্রাসংগিকতা সম্পর্কত বক্তব্য ৰাখে৷
ইপিনে, ইয়াৰ পূর্বে ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই দলীয় পতাকা উত্তোলন কৰি কংগ্রেছৰ ১৩৭সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰে৷ নিখিল ভাৰত কংগ্রেছ সেৱা দলৰ ৰাষ্ট্রীয় সম্পাদক চন্দন বৰুৱাই সকলোকে শপতবাক্য পাঠ কৰোৱায়৷ ইয়াৰ পিছতে সেৱা দলৰ দ্বাৰা এক ত্রিৰংগা শোভাযাত্রা উলিওৱা হয়৷ দলৰ ৭৫ বছৰ স্বাধীনতা দিৱস উদ্যাপন সমিতিৰ অধ্যক্ষ শৰৎ বৰকটকীৰ প্রস্তাৱমর্মে ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত প্রাক্তন সাংসদ দ্বিজেন শর্মাই দলৰ প্রতিষ্ঠাকালৰ পটভূমি দাঙি ধৰে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ আবু নাছাৰ ছাইড আহমেদৰ লিখিত ভাষণ সেই অনুষ্ঠানতে পাঠ কৰা হয়৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই সাম্প্রতিক সময়ত দলৰ প্রাসংগিকতা সন্দর্ভত সকলোৰে সক্রিয় সহযোগিতা কামনা কৰে৷
বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে ব্যৱস্থা সম্পর্কত দলৰ আইনী কোষ–বিধায়িনী দলৰ পৰামর্শ বিচাৰিছে সভাপতিয়ে
ৰহাৰ কংগ্রেছ বিধায়ক শশীকান্ত দাসে কংগ্রেছ বিধায়িনী দলৰ সন্মুখীন নোহোৱাৰ পৰিপ্রেক্ষিতত তেওঁৰ ওপৰত দলে কি ব্যৱস্থা ল’ব, সেই সন্দর্ভত দলৰ আইনী কোষ আৰু বিধায়িনী দলৰ পৰা পৰামর্শ বিচাৰিছে৷ আজি সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সেই বিষয়ে জানিবলৈ দি কয় যে বিধায়িনী দলৰ নির্দেশমর্মে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ বিধায়িনী দলৰ মুখামুখি হৈছে আৰু তেওঁক শ্ব’কজৰ উত্তৰ অহা ৩০ ডিচেম্বৰৰ ভিতৰত দিয়াৰ নির্দেশ দিছে৷ কিন্তু ৰহাৰ বিধায়ক শশীকান্ত দাস বিধায়িনী দলৰ মুখামুখি হোৱা নাই আৰু দলৰ সভাপতিক সাক্ষাৎ কৰিম বুলি কৈও সাক্ষাৎ কৰা নাই৷ সেয়ে তেওঁৰ সম্পর্কত দলে কি ব্যৱস্থা ল’ব, সেই সন্দর্ভত দলৰ আইনী কোষ আৰু কংগ্রেছ বিধায়িনী দলৰ দলপতিৰ পৰা পৰামর্শ বিচাৰিছে৷