কাছাৰত ভুৱা নিযুক্তি পত্ৰ লৈ বিএছ এফৰ চাকৰীত যোগদান কৰিবলৈ অহা ৩ গৰাকী যুৱকক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰ : ভুৱা নিযুক্তি পত্ৰ লৈ সীমান্ত সুৰক্ষা বাহিনী( বিএছএফ)ৰ চাকৰীত যোগদান কৰিবলৈ অহা তিন গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। কাছাৰ জিলাৰ মাছিমপুৰ সেনা ছাউনীত এই ঘটনা সংঘটিত হৈছে ।
ধৃত কেইজন উত্তৰ প্ৰদেশৰ বাসিন্দা তেওঁ লোকৰ নাম চন্দন সিং ,অমিত কুমাৰ আৰু ছাহিল পাছোৱান। যোৱা ২১ ডিচেম্বৰৰ দিনা এই তিনি গৰাকী যুৱক মাছিমপুৰ বিএছএফৰ প্ৰধান কাৰ্যালয়ত উপস্থিত হৈছিল । প্ৰাথমিক তদন্তৰ পাছত তেওঁ লোকৰ নিযুক্তি পত্ৰ জাল বুলি ধৰা পৰে। পাছত মাছিমপুৰ বিএছএফ কাৰ্যালয়ৰ পৰা অৰুণাচল আৰক্ষী চকীত এই তিন গৰাকী যুৱকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, শিলিগুৰিৰ এক প্ৰবঞ্চকে ২১ লাখ টকা লৈ জাল নিযুক্তি পত্ৰ দিছিল তেওঁলোকক। ধৃত কেইজন যুৱকক আৰক্ষীয়ে সুধপোচ অব্যাহত ৰাখিছে।