নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত বনৰীয়া হাতীৰ উপদ্ৰৱ

হস্তী-মানুহৰ সংঘাতৰ মাজত বিনিদ্ৰ ৰজনী কটাইছে গঞাই

নিয়মীয়া বাৰ্তা,৩০ ডিচেম্বৰ – পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলৰ বন কাৰ্য্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণি অঞ্চলৰত যোৱা কিছুদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । প্ৰায় শতাধিক বনৰীয়া হাতীৰ জাকে বৃহত্তৰ খেৰণি অঞ্চলৰ ঘৰে-বাৰীয়ে মুক্ত বিচৰণ কৰি ফুৰিছে । বৃহত্তৰ খেৰণি অঞ্চলৰ মাজবস্তি, কছাৰী গাঁও,লাম্বাপথাৰ,পূৰণা বস্তি,ৱাটিজুৰ,হাৱাইপুৰ,নেপালী বস্তি আদি গাঁৱত শতাধিক বনৰীয়া হাতীয়ে নিতৌ উপদ্ৰৱ অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে লামডিং আৰু কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে কৃষি পথাৰৰ লগতে কুঁহিয়াৰ খেতিত প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰিছে । প্ৰতি দিনেই নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহি খেতি পথাৰৰ ধান বিনষ্ট কৰাৰ লগতে মানুহৰ বাৰীৰ কল,নাৰিকলৰ বিস্তৰ ক্ষতি সাধন কৰাৰ পিছত দিনৰ ভাগত কুঁহিয়াৰ বাৰীত অৱস্থান কৰে হাতীৰ জাকটোৱে । স্থানীয় ৰাইজে হাতীৰ জাকটো কুঁহিয়াৰ বাৰীৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰাৰ সময়তে বৃহৎ হাতীৰ জাকটো সিঁচৰিত হৈ মানুহৰ ঘৰে বাৰীয়ে বিচৰণ কৰিবলৈ আৰম্ভ কৰে ।

ইফালে এই হাতীৰ জাকটো স্থানীয় ৰাইজে খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও হাতীয়ে মানুহলৈ চোঁচা লোৱা ভয়াৱহ দৃশ্য পৰিলক্ষিত হৈছে । আনহাতে হাতী-মানুহৰ সংঘাতৰ মাজত দুই হাতীৰ প্ৰচণ্ড যুঁজ দেখিবলৈ পোৱা গৈছে খেৰণি অঞ্চলত । এই ক্ষেত্ৰত বন বিভাগে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ চেষ্টা চলাইছে যদিও ব্যৰ্থ হ’ব লগীয়া হৈছে ।

You might also like