মান্দাকাটাৰ কমাণ্ডো বেটেলিয়নত পৰিয়ালসহ এনডিএফবিৰ দল; জমা দিলে ২৫ টা মাৰণাস্ত্র, ৫০ মেগজিন, ৯০০ গুলী
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ সশস্ত্র পন্থা ত্যাগ কৰি শান্তি প্রক্রিয়াত চামিল হোৱাৰ উদ্দেশ্যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰা নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ আছামৰ (এন ডি এফ বি) সভাপতি বি চাওৰাইগৌৰাসহ তিনি শীর্ষ নেতা গুৱাহাটীত উপস্থিত হৈছে৷
বৃহস্পতিবাৰে দিল্লীত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াৰ সৈতে বি চাওৰাইগৌৰা, সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী আৰু বিত্ত সচিব বি দৈমালু ওৰফে দয়াল বড়োৱে যুদ্ধবিৰতি চুক্তি কৰাৰ পাছতে শনিবাৰে তিনিওজন নেতাই বিমানযোগে গুৱাহাটীত উপস্থিত হয়৷
অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, বর্তমান এন ডি এফ বি নেতা তিনিজনক মহানগৰীৰ কাহিলিপাৰাস্থিত চতুর্থ আৰক্ষী বাহিনীৰ কার্যালয় চৌহদত থকা সুহাসিনী অতিথিশালাত ৰখা হৈছে৷
উল্লেখ্য যে দীর্ঘদিনীয়া বড়ো সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰৰ সৈতে সন্মানজনকভাৱে শান্তি আলোচনাত অংশগ্রহণৰ উদ্দেশ্যে এন ডি এফ বিৰ সভাপতি বি চাওৰাইগৌৰা, সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু বিত্ত সচিব বি দৈমালুৰ নেতৃত্বত ২৭জনীয়া এটা দল ম্যানমাৰৰ পৰা ভাৰতত প্রৱেশ কৰে৷
শীর্ষ সূত্রটোৱে জনোৱা মতে, যোৱা ১১ জানুৱাৰীত ম্যানমাৰৰ পৰা ভাৰতলৈ প্রত্যাৱর্তন কৰা দলটোৰ উল্লিখিত তিনি শীর্ষ নেতাক যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে দিল্লীত ৰখাৰ বিপৰীতে বাকীসকলক অসমলৈ অনা হয়৷ সংগঠনটোৰ বাকী সদস্যসকলক বর্তমান কামৰূপ জিলাৰ মান্দাকাটাত থকা অসম আৰক্ষীৰ কমাণ্ডো বাহিনীৰ কার্যালয়ৰ শিবিৰত ৰখা হৈছে৷ শান্তি আলোচনাৰ বাবে সশস্ত্র পন্থা ত্যাগ কৰি মূলসুঁতিলৈ প্রত্যাৱর্তন কৰা এন ডি এফ বিৰ দলটোত চাৰিটা পৰিয়াল আৰু তিনিটা শিশুও আছে৷
আৰক্ষী সূত্রটোৱে জনোৱা মতে, শান্তি প্রক্রিয়াত চামিল হ’বলৈ অহা দলটোৱে আৰক্ষীৰ ওচৰত ২৫টা অত্যাধুনিক মাৰণাস্ত্র, ৫০টা মেগজিন, প্রায় ৯০০টা গুলী আৰু আন সামগ্রী জমা দিছে৷ আনহাতে, সংগঠনটোৰ আন দুজন শীর্ষ নেতা জি বিদাই আৰু বি বাথায়ো শীঘ্রেই সশস্ত্র পন্থা ত্যাগ কৰি শান্তি প্রক্রিয়াত চামিল হ’ব বুলি সূত্রটোৱে জানিবলৈ দিছে৷ সূত্রটোৰ মতে, এই দুই নেতাৰ সৈতে থকা জেইল সিংসহ বাকী সদস্যসকলেও মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ অসম আৰক্ষীৰ তৰফৰ পৰা জি বিদাই আৰু বি বাথাৰ লগত ইতিমধ্যে যোগাযোগ স্থাপন কৰা হৈছে৷ তেওঁলোকে অচিৰেই সশস্ত্র পন্থা ত্যাগ কৰি সংগঠনটোৰ সভাপতি বি চাওৰাইগৌৰা নেতৃত্বাধীন দলটোৰ সৈতে চামিল হ’ব৷ এন ডি এফ বিৰ আটাইকেইজন শীর্ষ নেতাসহ অধিকাংশ সদস্য মূলসুঁতিলৈ ঘূৰি আহিব বিচৰা কার্য নৱবর্ষত এক সুখবৰ হিচাপে পৰিগণিত হৈছে৷ সংগঠনটোৰ ২৭জনীয়া দল এটা ম্যানমাৰৰ পৰা ভাৰতলৈ প্রত্যাৱর্তন কৰা কার্যক আদৰণি জনাইছে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷
উল্লেখ্য যে কেইবাটাও হিংসাত্মক ঘটনাত জড়িত এন ডি এফ বিৰ বি চাওৰাইগৌৰা গোট অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণিস্বৰূপ আছিল৷ উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহৰ যৌথ মঞ্চ ইউনাইটেড নেচনেল লিবাৰেচন ফ্রণ্ট অৱ ছাউথ–ইষ্ট এছিয়াৰ অন্যতম অন্তর্ভুক্ত সংগঠন হ’ল এন ডি এফ বি৷ ম্যানমাৰত ঘাটি পাতি থকা সংগঠনটোৰ অধিকাংশ নেতা–সদস্যৰ এন এছ চি এন (ক), আলফা (আই) আৰু এন ডি এফ বিৰ পূর্বৰ সভাপতি আই কে সংবিজিত নেতৃত্বাধীন পি ডি চি কেৰ লগতো সু–সম্পর্ক আছিল৷ এনে পৰিস্থিতিত এন ডি এফ বিৰ নেতৃত্বই সশস্ত্র পন্থা ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহাত তেওঁলোকে ৰাজ্যত শান্তি প্রতিষ্ঠা কৰাত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে৷