নৱবর্ষৰ প্রাক্ক্ষণত বিদেশ ভ্রমণলৈ ৰাহুল গান্ধী
দলীয় নেতা–কর্মীৰ সন্মুখত নির্বাচনৰ প্রচাৰৰ প্রত্যাহ্বান
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ নির্বাচন আয়োগে ৫ ৰাজ্যৰ নির্বাচন সঠিক সময়তে অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ অমিক্রনে দেশত সংহাৰ সৃষ্টি কৰিলেও উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন পিছুৱাই দিয়াৰ প্রশ্ণ আহি নপৰে বুলি আয়োগে ঘোষণা কৰাৰ সময়তে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে দলীয় নেতা–কর্মীসকলক প্রত্যাহ্বানৰ মাজত পেলাই থৈ বিদেশ ভ্রমণলৈ যাত্রা কৰিছে৷ ইতিমধ্যে দেশ এৰিছে ৰাহুলে৷ কিন্তু ৰাহুল গান্ধীয়ে কোনখন দেশলৈ যাত্রা কৰিছে সেয়া দলৰ পৰা স্পষ্ট কৰা হোৱা নাই৷ স্মর্তব্য যে পূর্বেও অতি সন্ধিক্ষণৰ মুহূর্তত ৰাহুলে বিদেশ ভ্রমণ কৰা ঘটনাক লৈ সৃষ্টি হৈছিল তীব্র চাঞ্চল্য৷