নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতে ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জানিব পৰা মতে, মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী বিধি অনুসৰি সমৰ্থক আৰু দলীয় নেতাসকলৰ উপস্থিতিত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিল উপলক্ষে অঞ্চলটোত বৃহৎ শক্তি প্ৰদৰ্শনৰো সম্ভাৱনা আছে।

ইফালে বিজেপিৰ বিভিন্ন জ্যেষ্ঠ নেতা, মিত্ৰ দলৰ প্ৰতিনিধি আৰু বহুসংখ্যক কৰ্মী-সমৰ্থক এই কাৰ্যসূচীত উপস্থিত থাকিব বুলি দলীয় সূত্ৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে আগন্তুক নিৰ্বাচনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে তীব্ৰ হৈ উঠিছে আৰু বিভিন্ন দলৰ প্ৰাৰ্থীসকল মনোনয়ন দাখিলৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।

ডিজিটেল ডেস্ক, ১৬ মাৰ্চ

You might also like