আজিৰে পৰা ৰং চেনেলত নতুন ধাৰাবাহিক অদম্য যাত্রাৰ সম্প্রচাৰ
ৰিণিকি ভূঞা শর্মাৰ কাহিনী, ডিম্পী সাউদৰ চিত্রনাট্য–সংলাপে ৰাজীৱ বৰঠাকুৰৰ পৰিচালনা
প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ৰং৷ বিশ্বাস আৰু প্রতিশ্রুতিৰে জন্মলগ্নৰে পৰা ৰং চেনেল হৈ আহিছে দর্শকৰ প্রথম পছন্দৰ চেনেল৷ প্রতিখন ধাৰাবাহিকৰ প্রতিটো চৰিত্রৰ সপোন, সংগ্রাম আৰু স্বাভিমানে জীপাল কৰি আহিছে প্রতিজন দর্শকৰ আৱেগ আৰু অনুভৱক৷ দর্শকৰ মৰম–আশীর্বাদ আৰু সঁহাৰিত ৰং চেনেল সদায় জনপ্রিয়তাৰ শীর্ষত৷
অদম্য যাত্রা পিতৃহাৰা এজন নায়কৰ আত্মসন্মান, শিক্ষা আৰু পৰিশ্রমেৰে আগবাঢ়ি যোৱা জীৱন আৰু বিভিন্ন পর্যায়ৰ অক্লান্ত সংগ্রামৰ কাহিনী৷ শিশুকাল, যুৱ অৱস্থা, বিবাহ, পিতৃত্ব, পতন আৰু পুনৰ উদ্ধাৰ৷ সমাজৰ ঠগবাজি, সম্পত্তিৰ লোভ, অন্ধবিশ্বাস, মিছা অপবাদৰ সংমিশ্রণেৰে ভৰপূৰ এখন সম্পূর্ণ পৰিয়ালধর্মী ধাৰাবাহিক অদম্য যাত্রা৷
প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাৰ কাহিনী আৰু ডিম্পী সাউদৰ চিত্রনাট্য সংলাপেৰে সুদক্ষ পৰিচালক ৰাজীৱ বৰঠাকুৰে পৰিচালনা কৰা ধাৰাবাহিকখন সম্প্রচাৰ হব আজিৰে পৰা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত৷
ধাৰাবাহিকখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে সুদর্শন অভিনেতা সুব্রত দেউৰী আৰু নৱাগত শিশু শিল্পী শুভম প্রণৱে৷ অন্য এটি মুখ্য চৰিত্রত অভিনয় কৰিছে নৱাগতা অমৃতা শর্মাই৷ মাজুলী, যোৰহাট আৰু গুৱাহাটীৰ বিভিন্ন মনোমোহা লোকেচনত খুব নিখুঁতভাৱে তাপস দেৱনাথ আৰু অজিত বড়োৱে প্রতিটো দৃশ্য কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰা ধাৰাবাহিকখনত অভিনয় কৰিছে প্রতিভা চৌধুৰী, অমিতাভ ৰাজখোৱা, বাবলী বৰা, গায়ত্রী দেৱী, ৰাতুল শর্মা, অনির্বাণ কলিতা, নিশা শর্মা, হেলেনা আখতাৰ, অদিতি বৰুৱা, আঞ্চিত উদয়াদিত্য, প্রত্যুষ, বায়ুজ, কৌশিক, মণ্টু গগৈ আদি৷
আনহাতে ধাৰাবাহিকখনত ভুমুকি মাৰিছে কেইবাগৰাকীও শিশুশিল্পীয়ে৷ তেওঁলোক ক্রমে অণূ্ন কাশ্যপ আৰু নমস্যা বৰা ইত্যাদি৷ পৰীক্ষিত কলিতাৰ কথাৰে, পৰীক্ষিত কলিতা আৰু অৰূপ বৰুৱাৰ কণ্ঠৰে শীর্ষ গীতটো সুন্দৰকৈ সজাই তুলিছে জোন জোনাকে৷
সিদ্ধান্ত সাগৰে সুন্দৰভাৱে আৱহ সংগীতেৰে নতুন মাত্রা প্রদান কৰা ধাৰাবাহিকখনৰ পুনঃ শব্দগ্রহণৰ দায়িত্বত আছে ধ্রুৱজ্যোতি কাশ্যপ, পংকজ বৰা আৰু প্রণৱ দাস৷ কৈলাস নাথে মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনত খুব নিপুণতাৰে সম্পাদনা কৰিছে দীপজ্যোতি দাসে৷
গ্রাফিক্সৰে সুন্দৰকৈ সজাই তুলিছে ধীৰু বৰগোহাঁই আৰু পাপৰি ঠাকুৰীয়াই৷ গীতার্থ আৰু ৰাতুলে সহকাৰী পৰিচালকৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনত ৰূপসজ্জাৰ দায়িত্বত আছে ভিক্টৰ দাস আৰু সাজসজ্জাৰ দায়িত্বত আছে লক্ষ্মীছায়া৷
দৃশ্যসজ্জাৰ দায়িত্বত আছে পলাশ দত্ত, গণেশ ৰাজবংশী আৰু দেৱাশীষ৷ সমীৰণ ৰাভা আৰু যাদৱ দত্ত স্পট বয়ৰ দায়িত্বত আছে৷ বিত্ত বিভাগ নিভাৰাণী দাসৰ৷ প্রযোজনা ব্যৱস্থাপনাত সহায় কৰিছে পলাশ বিভান শর্মাই৷ মুনীন্দ্র কলিতা আৰু বিপুল ডেকাহ সহকাৰী দৃশ্য গ্রহণ কৰা ধাৰাবাহিকখনত পোহৰৰ দায়িত্বত আছে লক্ষণ লাল শ্বাহ, ৰত্ন বৰা, ৰামপ্রসাদ ৰয়, হেমন্ত লস্ক্ৰ, নাৰায়ণ দাস৷
নিতৌ নতুন পৰিকল্পনাৰে দর্শকক মনোৰঞ্জন প্রদানৰ প্রয়াস অব্যাহত ৰখা ৰং চেনেলৰ অভিনৱ আয়োজন অদম্য যাত্রা ধাৰাবাহিক খনৰ পৰিচালক ৰাজীৱ বৰঠাকুৰে বহুকেইজন নতুন অভিনেতা–অভিনেত্রীৰ সংযোজন ঘটাই প্রতিটো দৃশ্য খুব নিখুঁতভাৱে উপস্থাপন কৰিছে৷
ধাৰাবাহিকখনৰ সম্প্রচাৰ আজিৰে পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত৷ ইতিমধ্যে ৰং চেনেলৰ প্রতিখন ধাৰাবাহিকক প্রতিজন দর্শকে যি আশীর্বাদ আৰু মৰমেৰে আপোন কৰি লৈছে, ঠিক একেদৰেই অদম্য যাত্রাকো বিপুল সঁহাৰিৰে ৰঙৰ প্রিয় দর্শকে আঁকোৱালি লব বুলি আমি ৰং পৰিয়াল আশাবাদী৷