৬.১ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল জাপানৰ ভিন্ন চহৰ
ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল : পুনৰ এক শক্তিশালী ভূমিকম্পই কঁপাই গ’ল জাপান। দেশখনৰ স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা ৫ বাজি ২৪ মিনিটত হোৱা এই ভূমিকম্পই জাপানৰ বিভিন্ন অঞ্চল কঁপাই তোলে। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.১ হিচাপে নথিভুক্ত কৰা হৈছে।
বতৰ বিজ্ঞানী কেন্দ্ৰই জনোৱা মতে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল হকাইডৌ এলেকাত। ভূমিকম্পৰ পাছতেই সম্ভাব্য ছুনামিৰ আশংকাত উপকূলীয় অঞ্চলসমূহৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে।
উল্লেখযোগ্য যে ইয়াৰ আগতে ২০ এপ্ৰিলত জাপানত ৭.৫ প্ৰাবল্যৰ এক বিধ্বংসী ভূমিকম্প হৈছিল, যাৰ অভিকেন্দ্ৰ আছিল সমুদ্ৰপৃষ্ঠৰ প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত। সেই সময়ত বিজ্ঞানীসকলে সৰু-বৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল। তাৰ প্ৰায় এসপ্তাহ পিছতেই পুনৰ ৬.১ প্ৰাবল্যৰ ভূমিকম্পই দেশখন কঁপাই তুলিলে।
সোমবাৰে পুৱাৰ এই ভূমিকম্পৰ পাছত উপকূলীয় অঞ্চলত ছুনামিৰ আশংকা কৰা হৈছে যদিও এতিয়ালৈ কোনো ডাঙৰ ক্ষতি বা হতাহতৰ তথ্য প্ৰকাশ পোৱা নাই। প্ৰশাসনে পৰিস্থিতি নজৰত ৰাখিছে আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে।