নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান-২০২৫

ৰাজ্যখনৰ পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে ২০২৫ কাৰ্যবৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সম্মান। অহা ১৬ মে’ত গুৱাহাটীৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ’ব।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে অসম সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ড° পুষ্প গগৈ, ডিব্ৰুগড়ৰ নিবাসী বিশিষ্ট চাহ খেতিয়ক, সাহিত্যিক আৰু লেখক দেৱীপ্রসাদ বাগ্ৰ’দিয়া, নগাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ নিবাসী, বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক-কবি আৰু গৱেষক নোমল মাহাত্তালৈ আগবঢ়োৱা হৈছে।

উল্লেখ্য যে সাহিত্য সভাৰ সভাপতিৰ দ্বাৰা নিৰ্বাচিত এই পাঁচজন বিশিষ্ট ব্যক্তিয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানক স্বীকাৰ কৰিয়েই সন্মানপূর্বকভাৱে এই সন্মান প্রদান কৰা হ’ব।

উল্লেখ্য যে সাহিত্য সাধনাৰ যোগেদি বিগত বর্ষসমূহত অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি অহা এই পাঁচগৰাকী নির্বাচিত ব্যক্তিক আৰু তেওঁলোকৰ পাঠক সমাজক উৎসাহিত কৰাৰ প্ৰয়াসেৰে এই সন্মান প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ সভাপতিৰ দ্বাৰা নিৰ্বাচিত এই বিশিষ্ট সাহিত্যিকসকলৰ তালিকা সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনাইছে।

বাৰ্তা ব্যুৰ’ তেজপুৰ, ১১ মে’

You might also like