নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদ এইমছৰ পৰা সুস্থ হৈ বাহিৰলৈ ওলাল দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্ত

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ দক্ষিণৰ চলচ্চিত্রৰ মেগাষ্টাৰ অভিনেতা ৰজনীকান্তক আজি হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে৷ উল্লেখনীয় যে নিজৰ ছবি এখনৰ দৃশ্যগ্রহণৰ বাবে হায়দৰাবাদত বাহৰ পাতিছিল ৰজনীকান্তই৷ টীমৰ চাৰিগৰাকী কর্মী ক’ভিড আক্রান্ত হোৱাৰ পিছত দৃশ্যগ্রহণ বন্ধ কৰি তামিলনাডুৰ বাসগৃহলৈ ওভতাৰ কথা চিন্তা কৰিছিল অভিনেতাগৰাকীয়ে৷ কিন্তু তেতিয়াই উচ্চ ৰক্তচাপৰ বাবে হায়দৰাবাদ এপল’ হাস্পতালত ভর্তি কৰোৱা হয় ৰজনীকান্তক৷

৭০ বছৰীয়া অভিনেতাগৰাকীক ২৫ ডিচেম্বৰৰ পুৱা হাস্পতালখনত ভর্তি কৰোৱা হৈছিল৷ দুদিন ধৰি চিকিৎসকসকলে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ নিৰীক্ষণ চলাই আজি ৰক্তচাপ সুস্থিৰ অৱস্থালৈ অহাৰ লগে লগে হাস্পতালখনৰ পৰা তেওঁক ৰিলিজ দিছে৷ অৱশ্যে বিশেষজ্ঞ চিকিৎসকসকলে অভিনেতাগৰাকীক ৰক্তচাপ সুস্থিৰ অৱস্থাত ৰাখিবলৈ এসপ্তাহৰ বাবে সম্পূর্ণ জিৰণি লোৱাৰ পৰামর্শ আগবঢ়াইছে৷

You might also like