নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগছ সেৱন অভিনেত্রী ছাৰা আলী খানসহ ৫জনলৈ চমন

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত সাঙোৰ খাই পৰা ড্রাগছ গোচৰত ৰিয়া চক্রৱর্তীক গ্রেপ্তাৰ কৰাৰ পাছতেই ড্রাগছক লৈ অভিযান ক্ষিপ্রতৰ কৰি তুলিছে নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৱে (এনচিবি)৷

ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিৰ ভত্তিত এনচিবিয়ে ড্রাগছ সেৱন কৰা আৰু ড্রাগছ মাফিয়াৰ সৈতে সম্পর্কিত বলীউডৰ চেলিব্রেটীৰ তালিকা প্রস্তুত কৰিছে৷ ইয়াৰ পাছতেই বলীউডত আলোড়নৰ সৃষ্টি হৈছে৷ ৰিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত এনচিবিয়ে বলীউডৰ অভিনেত্রী ছাৰা আলী খান, ৰাকুলপ্রীত সিং, ডিজাইনাৰ চিমন খামবাট্টা, চিত্র নির্মাতা মুকেশ চাব্রা আৰু অভিনেতা সুশান্তৰ বন্ধু তথা প্রাক্তন মেনেজাৰ ৰোহিণী আয়াৰক চমন জাৰি কৰাৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷

অভিনেতা সুশান্তৰ গার্ল ফ্রেইণ্ড ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিত ড্রাগছ সেৱন কৰাৰ তালিকাত ছাৰা আলী খানকে ধৰি ১৫তকৈ অধিক বলীউডৰ চেলিব্রেটীৰ নাম আছে৷ এনচিবিয়ে এই তালিকাৰ পৰা পর্যায়ক্রমে বলীউডৰ চেলিব্রেটীক চমন জাৰি কৰি সোধা–পোছা কৰিব৷

এনচিবিৰ সূত্রত প্রকাশ পোৱা মতে, বলীউডৰ ২৫ প্রখ্যাত তাৰকাক চমন জাৰি কৰাৰ যো–জা চলাই আছে৷ কিয়নো ৰিয়াই স্বীকাৰোক্তিত বলীউডৰ ৮০ শতাংশ তাৰকাই ড্রাগছ সেৱন কৰে বুলি ভাষ্য দিছে৷

ইপিনে, এনচিবিয়ে দুই অনুজ কেশৱানীৰ দ্বাৰা লাভ কৰা তথ্যৰ আধাৰত কালি মুম্বাই আৰু গোৱাৰ কেইবাটাও স্থানত অভিযান চলাইছে৷ অভিযান চলোৱা স্থানসমূহত এনচিবিয়ে ড্রাগছৰ সন্ধান চলায়৷ ড্রাগছ মাফিয়া অনুজ কেশৱানীক কিছুদিন পূর্বে এনচিবিয়ে গ্রেপ্তাৰ কৰিছিল৷

উল্লেখ্য যে যোৱা ৩ ছেপ্ঢেম্বৰত এনচিবিয়ে ড্রাগছ মাফিয়া কাইজান ইব্রাহিম ওৰফে জয়চনক গ্রেপ্তাৰ কৰিছিল৷ ৰিয়া চক্রৱর্তীৰ ভাতৃ সৌৱিক চক্রৱর্তীৰ সৈতে ড্রাগছৰ লেনদেন চলোৱা ইব্রাহিমক এনচিবিয়ে গ্রেপ্তাৰ কৰাৰ পাছতেই মুম্বাই আৰু গোৱাৰ ড্রাগছ সৰবৰহীৰ তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ ইব্রাহিমৰ স্বীকাৰোক্তিৰ আধাৰতে অনুজ কেশৱানীক গ্রেপ্তাৰ কৰে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত ড্রাগছক প্রাধান্য দি এনচিবিয়ে চলাই থকা তদন্তত ইতিমধ্যে ৭জন ড্রাগছ মাফিয়াক গ্রেপ্তাৰ কৰিছে৷ কৰমজিৎ ওৰফে কে জেক এনচিবিয়ে গ্রেপ্তাৰ কৰাৰ লগতে কে জেৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

অভিনেতা সুশান্তৰ ঘৰুৱা সহায়ক দ্বিপেশ সাৱন্তৰ স্বীকাৰোক্তিৰ আধাৰত ঋষিকেশ পাৱাৰ নামৰ এজন ড্রাগছ মাফিয়াকো এনচিবিয়ে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰা আন ড্রাগছ মাফিয়াকেইজনৰ ভিতৰত জাইড বিলাট্টা, বছিট পৰিহাৰ অন্যতম৷

You might also like