গুৱাহাটী সংযোগী পথত ডাম্পাৰৰ খুন্দা, থিতাতে নিহত ৰাজস্থানৰ কৰ্মচাৰী
IIT (Indian Institute of Technology Guwahati) আৰু জিলা আয়ুক্ত কাৰ্যালয় সংযোগী পথত সংঘটিত এক মর্মান্তিক দুৰ্ঘটনাত এজন ব্যক্তি থিতাতে নিহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, AS-25-FC-0928 নম্বৰৰ এখন ডাম্পাৰে পথ নিৰ্মাণৰ কামত নিয়োজিত এজন কৰ্মচাৰীক মহটিয়াই নিয়ে। নিহত লোকজন ৰাজস্থানৰ চিকৰ জিলাৰ তুলসী ৰাম শৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁ উক্ত নিৰ্মীয়মান পথৰ কামত নিয়োজিত আছিল।
জানিব পৰা মতে, পথ নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ডাম্পাৰে মহটিয়াই নিয়াত মৃত্যু হয় তুলসী ৰাম শৰ্মাৰ। মৃত লোকজন নিৰ্মীয়মান পথটোৰ ঠিকাদাৰ প্ৰীতম শৰ্মা আৰু অনুৰাগ তালুকদাৰৰ অধীনত কৰ্মৰত আছিল।
দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই ডাম্পাৰখনৰ চালকে পলায়ন কৰে। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষীয়ে দুৰ্ঘটনাত জড়িত ডাম্পাৰখন জব্দ কৰিছে আৰু চালকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
ডিজিটেল ডেস্ক, ৪ মাৰ্চ