নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় ক’ত ?

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰবাৰে অসম বিধানসভাত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ২০২০-২১ বিত্তীয় বৰ্ষত অসমৰ শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰতো বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কেতবোৰ নতুন আঁচনি । ২০২০-২১ বিত্তীয় বৰ্ষত ডিফু আৰু উত্তৰ লক্ষীমপুৰত দুখনকৈ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিব । ধেমাজিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ো কাৰ্যক্ষম হৈ উঠিব ।

২০২০-২১ বিত্তীয় বৰ্ষতে ৭ খনকৈ নতুন চৰকাৰী মহাবিদ্যালয়ো কাৰ্যক্ষম হৈ উঠিব । সেইকেইখন মহাবিদ্যালয় হ’ল ক্ৰমে কাছাৰৰ বৰখলা, কাৰ্বি-আংলঙৰ দেইথৰ, তিনিচুকীয়া কাকপথাৰ, হাইলাকান্দিৰ কাটলিচেৰা, মৰিগাঁৱৰ লাহৰিঘাট, নগাঁৱৰ চামগুৰি আৰু দক্ষিণ শালমাৰাৰ মাঝেৰ আলগা চৰকাৰী মহাবিদ্যালয় । এই মহাবিদ্যালয়কেইখনৰ প্ৰয়োজনীয় পদসমূহ ইতিমধ্যে সৃষ্টি কৰা হৈছে । মৰিগাঁও , ওদালগুৰি, তিনিচুকীয়া, হাইলাকান্দি আৰু চিৰাং জিলাত মুঠ পাঁচখন পলিটেকনিক প্ৰতিষ্ঠান ২০২০-২১ বৰ্ষতে আৰম্ভ কৰা হ’ব ।

ইয়াৰোপৰি গোলাঘাটত নতুনকৈ সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা, সোণাৰী, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰা জিলা চিকিৎসালয় চৌহদত তিনিখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, গোৱালপাৰাৰ দুধনৈত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন, কলিয়াবৰত এখন নতুন আইন মহাবিদ্যালয় প্ৰতিষ্ঠা, মঙলদৈত এখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন, গুৱাহাটী বিশ্ববিদ্যালয়ত বিদেশী ভাষা প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সুৰক্ষা, শান্তি আৰু সংঘাত প্ৰশমন আসন প্ৰতিষ্ঠা ।

এই বাজেটত অসমৰ অন্যতম পুৰোধা বাণীকান্ত কাকতি প্ৰতি শ্ৰদ্ধাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত বাণীকান্ত কাকতি আসন স্থাপন কৰাৰো সিদ্ধান্তৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

You might also like