নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিণিকি ভূঞা শর্মাক বঁটা প্রদান ৰাজ্যপালৰ

প্ৰাইড ইষ্টৰ CMD ৰিণিকি ভূঞা শৰ্মালৈ প্ৰাগ প্ৰেৰণা এৱাৰ্ডছ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাক ‘প্রাগ প্রেৰণা এৱার্ডছ, ২০২০’ প্রদান কৰা হয়৷ অনুষ্ঠানটোত ৰাজ্যখনৰ ১১গৰাকী বিশিষ্ট প্রতিভাৱান মহিলাক এই সন্মানীয় বঁটা প্রদান কৰা হয়৷

                মহানগৰীৰ হোটেল ৰেডিছন ব্লুত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বন্তি প্রজ্বলন কৰি এই গাম্ভীর্যপূর্ণ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত এসময়ৰ বলীউডৰ জনপ্রিয় অভিনেত্রী শর্মিলা ঠাকুৰ উপস্থিত থাকে৷ অনুষ্ঠানটোত অংশগ্রহণৰ বাবে অভিনেত্রী শর্মিলা ঠাকুৰ গুৱাহাটীত উপস্থিত হয়৷ সত্রীয়া নৃত্যৰ বর্ণাঢ়্য সাংস্কৃতিক কার্যসূচীৰে এই অনুষ্ঠানৰ আৰম্ভ কৰা হয়৷ ৰাজ্যৰ বহু অভিনেতা–অভিনেত্রী, সাহিত্যিক–সমাজকর্মী, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই প্রাগ প্রেৰণা বঁটা প্রদান কৰা হয়৷ ৰাজ্যপাল মুখী আৰু অভিনেত্রী ঠাকুৰে এই বঁটাসমূহ প্রদান কৰে৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবাৰ প্রাগ প্রেৰণা বঁটা লাভ কৰা ১১গৰাকী প্রতিভাৱান মহিলা হৈছে শিপিনী হেমপ্রভা চুতীয়া, মানৱ সৰবৰাহৰ বিৰুদ্ধে কাম কৰি অহা হাছিনা খাৰবিভ, নর্থ–ইষ্ট স্মল ফাইনেঞ্চৰ অধ্যক্ষ ৰূপালী কলিতা, ফেশ্বন ডিজাইনাৰ মেঘালী দাস, চকু চিকিৎসক কস্তুৰী ভট্টাচার্য, শিশু সাহিত্যিক ৰশ্মি নার্জাৰী, বক্সাৰ অংকুশিতা বড়ো, বৰাক উপত্যকাৰ সমাজকর্মী স্বর্ণালী চৌধুৰী, চলচ্চিত্র পৰিচালিকা ৰূপা বৰুৱা আৰু তৃতীয় লিংগৰ বাবে কাম কৰা স্বাতী বিধান বৰুৱা ৷ প্রাগ নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে সকলোকে আদৰণি জনায়৷ অনুষ্ঠানত ৰাজ্যপাল মুখীৰ লগতে অভিনেত্রী শর্মিলা ঠাকুৰেও ভাষণ দিয়ে৷ উল্লেখ্য যে ৮ মার্চৰ আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ২০১৬ চনৰ পৰা প্রাগ নিউজে নতুন প্রজন্মক উৎসাহিত কৰিবলৈ বহুকেইগৰাকী আদর্শ নাৰীৰ ৰূপৰেখা তুলি ধৰি তেওঁলোকক প্রাগ প্রেৰণা সন্মানেৰে সন্মানিত কৰি আহিছে৷

You might also like