নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ৩২,৪১৫ মেগাৱাটৰ ২৯টা বৃহৎ বান্ধঃ দিবাঙত ৬০ হাজাৰ কোটিৰে ৫ জলবোমা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ সংশয়–ধাৰাবাহিক প্রতিবাদ অব্যাহত থকাৰ সময়তে ৩২,৪১৫ মেগাৱাট শক্তি উৎপাদনক্ষম ২৯টা বৃহৎ নদীবান্ধৰ নির্মাণকার্য আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ ভাৰত চৰকাৰৰ শক্তি মন্ত্রালয়ে জলবোমাসদৃশ এই বৃহৎ নদীবান্ধকেইটা কার্যকৰীকৰণৰ বাবে মনোনীত কৰা চাৰিটা কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ অধীনস্থ প্রতিষ্ঠানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চি এম ডি)সকলৰ সৈতে নতুন দিল্লীত এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী চাওনা মেইন৷ জলবিদ্যুৎ প্রকল্পকেইটাৰ ৰূপায়ণক লৈ বিশদভাৱে পর্যালোচনা কৰা এই বৈঠকখনত উপস্থিত আছিল নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (নীপকো)ৰ চিএমডি ভি কে সিং, নেচনেল হাইড্র’পাৱাৰ কর্প’ৰেচন (এন এইচ পি চি)ৰ চিএমডি এ কে সিং, টেহৰী হাইড্র’ ডেভেলপমেণ্ট লিমিটেড (টি এইচ ডি চি)ৰ চিএমডি আৰ কে বিষ্ণয় আৰু ছটলুজ জলবিদ্যুৎ নিগম (এছ জে ভি এন)ৰ চিএমডি নন্দলাল শর্মা৷

লক্ষণীয়ভাৱে অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী চাওনা মেইন আছে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰৰ শক্তি বিভাগৰ দায়িত্বত৷ মূলতঃ সেই দিশৰ পৰাই এই বৈঠকখনে যথেষ্ট তাৎপর্য বহন কৰিছে৷ কালি অনুষ্ঠিত এই বৈঠকখন সন্দর্ভত এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, ব্রহ্মপুত্রৰ উজনি অংশৰ উপলৈ দিবাঙৰ অৱবাহিকাত নির্মাণ হ’বলগীয়া পাঁচটা বৃহৎ নদীবান্ধক লৈ এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই সিদ্ধান্তমর্মে দিবাং অৱবাহিকাত প্রস্তাৱিত ৩,০৯৭ মেগাৱাট শক্তি উৎপাদনক্ষম ইটালিন জলবিদ্যুৎ প্রকল্প ৬৮০ মেগাৱাট শক্তি উৎপাদনক্ষম আট্টুনলি জলবিদ্যুৎ প্রকল্প ৫০০ মেগাৱাট শক্তি উৎপাদনক্ষম ইমিনি জলবিদ্যুৎ প্রকল্প ৪২০ শক্তি উৎপাদনক্ষম আমুলিন জলবিদ্যুৎ প্রকল্প আৰু ৪০০ মেগাৱাট শক্তি উৎপাদনক্ষম মিহুমডন জলবিদ্যুৎ প্রকল্পত ৬০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ছটলুজ জলবিদ্যুৎ নিগমে৷ সংস্থাটোৱে এক বিবৃতিযোগে এই কথা স্পষ্ট কৰিছে৷

ছটলুজ জলবিদ্যুৎ নিগমৰ চিএমডি নন্দলাল শর্মাই বিবৃতিটোত কয় যে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে লোৱা পদক্ষেপত অৰুণাচল প্রদেশ চৰকাৰে ৫টা জলবিদ্যুৎ প্রকল্প আমাক আবণ্টন দিয়াৰ প্রস্তাৱ গ্রহণ কৰিছে৷ শীঘ্রে এই সন্দর্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব৷ অহা ৮ৰ পৰা ১০ বছৰৰ ভিতৰত প্রকল্পকেইটা উৎপাদনক্ষম কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰাৰ বিপৰীতে ইয়াত সামগ্রিকভাৱে প্রায় ৬০ হাজাৰ কোটি টকা বিনিয়োগ হ’ব বুলিও তেওঁ সদৰী কৰে৷ এই প্রকল্পকেইটাৰ একাংশৰ বিশদ প্রতিবেদন ইতিমধ্যে প্রস্তুত হোৱাৰ উপৰি বাকীবোৰৰ ক্ষেত্রত জৰীপ আৰু অনুসন্ধানৰ পর্যায়তে আছে৷ ইফালে নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচনে অৰুণাচল প্রদেশত ১৭টাকৈ জলবিদ্যুৎ প্রকল্পৰ দায়িত্ব লাভ কৰিছে৷ এই জলবিদ্যুৎ প্রকল্পকেইটাৰ মুঠ উৎপাদন ক্ষমতা হ’ব ৬,৬৯০ মেগাৱাট৷ বাকী প্রকল্পকেইটাৰ ৰূপায়ণ কৰিব নেচনেল হাইড্র’পাৱাৰ কর্প’ৰেচন আৰু টেহৰী হাইড্র’ ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডে৷

উল্লেখ্য যে দিবাং নৈৰ অৱবাহিকাত নির্মাণৰ প্রস্তাৱ লোৱা ইটালিন জলবিদ্যুৎ প্রকল্পক লৈ আৰম্ভণিৰে পৰা তীব্র বিতর্কৰ সৃষ্টি হৈ আহিছে৷ প্রস্তাৱিত এই প্রকল্পটো হৈছে দিবাং বন্যপ্রাণী অভয়াৰণ্যৰ পৰা মাত্র ১২ কিলোমিটাৰ দূৰৈত৷ আপুৰুগীয়া বাঘৰ বসতিস্থল হিচাপে পৰিচিত দিবাং বন্যপ্রাণী অভয়াৰণ্যৰ জৈৱ–বৈচিত্র্য জলবিদ্যুৎ প্রকল্পটোৱে ধ্বংস কৰিব বুলি বিগত সময়ছোৱাত পৰিৱেশ কর্মীসকল সৰৱ হৈ আহিছে৷ আনকি ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ অধ্যয়নমর্মে পৰিৱেশ মন্ত্রালয়ৰ বন উপদেষ্টা সমিতিয়ে ৩,০৯৭ মেগাৱাট শক্তি উৎপাদনক্ষম জলবিদ্যুৎ প্রকল্পটোত অনুমোদন দিয়াৰ ক্ষেত্রত ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণেও আপত্তি প্রদর্শন কৰিছিল৷ এই প্রকল্পটো নির্মাণৰ লগত জড়িত হৈ আছিল ইটালিন হাইড্র’ ইলেক্ট্রিক পাৱাৰ কম্পেনী লিমিটেড–জিন্দাল পাৱাৰ লিমিটেড (৭৪ শতাংশ) আৰু হাইড্র’পাৱাৰ ডেভেলপমেণ্ট কর্প’ৰেচন অৱ অৰুণাচল প্রদেশ লিমিটেড (২৬ শতাংশ)৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল দিবাঙৰ অৱবাহিকাত ইটালিন জলবিদ্যুৎ প্রকল্পসহ ৫টা বৃহৎ নদীবান্ধ নির্মাণ হৈ উঠিলে নামনি অংশত থকা অসমৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা আছে৷ বিশেষকৈ এই জলবোমাকেইটাই তীব্র ভাবুকি নমাই আনিব পাৰে ডিব্রু–ছৈখোৱাৰ ৰাষ্ট্রীয় উদ্যানলৈ৷

You might also like