নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৬খন বাৰ–ৰেষ্টুৰেণ্টত মাজনিশালৈ থার্টী ফার্ষ্টৰ পার্টীৰ অনুমতি মহানগৰ প্রশাসনৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ নৱবর্ষলৈ মাজতে মাত্র এটা দিন৷ থার্টী ফার্ষ্ট উদ্যাপনৰ বাবে গুৱাহাটী মহানগৰীত চলিছে ব্যাপক প্রস্তুতি৷ মহানগৰীৰ হোটেল–বাৰ–ৰেষ্টুৰে নৱবর্ষক আদৰাৰ বাবে সজাই–পৰাই তোলাৰ লগতে বিভিন্ন দেশী–বিদেশী খাদ্য–সম্ভাৰেৰে গ্রাহকক আকর্ষণৰ চেষ্টা চলাইছে৷ থার্টী ফার্ষ্টৰ পার্টী উদ্যাপনৰ বাবে চৰকাৰে সান্ধ্য আইন প্রত্যাহাৰ কৰিছে যাতে শান্তিপূর্ণভাৱে ৰাইজে থার্টী ফার্ষ্ট উদ্যাপন কৰিব পাৰে৷ চৰকাৰে থার্টী ফার্ষ্টৰ দিনা সান্ধ্য আইন উঠাই দিয়াত মহানগৰীৰ ৪৬খন বিলাসী হোটেল–বাৰ–ৰেষ্টুৰে লেট–নাইট পার্টী উদ্যাপনৰ অনুমতি প্রদান কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷

প্রশাসনৰ অনুমতি লৈ থার্টী ফার্ষ্ট উদ্যাপনৰ নামত নিশা ১২ বজালৈকে মহানগৰীৰ এই ৪৬খন বিলাসী বাৰ–হোটেল–ৰেষ্টুৰে চলিব সুৰাৰ পার্টী৷ মাজনিশালৈকে থার্টী ফার্ষ্টৰ পার্টীৰ অনুজ্ঞাপত্র লাভ কৰা বিলাসী হোটেল–বাৰ–ৰেষ্টুৰে তালিকাত আছে– হোটেল ব্লু, তাজ ভিভাণ্টা, ইলুচন বাৰ, ডাইন ৱে’ প্লাটজ, দ্য অ’কিং মামা, গেইট ৱে’ গ্রেণ্ডৰ, মজেক্ বাৰ, শ্বুলিন গ্রেণ্ড, ডাকিং ওজা, জে জে বাৰ, জেম্ছ বাৰ কাম ৰেষ্টুৰেণ্ট, কৃষ্ণাশ্রী গ্রেণ্ড, হোটেল দ্য ক’টয়ার্ড, নাটছ্ এণ্ড ব্রিউ, প্রাগ্কণ্টিনেল, বিশ্বৰত্ন হোটেল, পার্পল পিক্, বার্বিকিউনেচন, ৰয়েল পিপাছা, নভ হোটেল, দ্য চেণ্টাৰ পইণ্ট, অগ্ণিদ্বীপ, কেফে হেণ্ড্রিকছ্কে ধৰি মুঠ ৪৬খন বাৰ–হোটেল–ৰেষ্টুৰে অনুজ্ঞাপত্র প্রদান কৰিছে৷ ইয়াৰ ভিতৰৰ কেইবাখনো বিলাসী বাৰ–ৰেষ্টুৰেণ্টত মিউজিকেল নাইটৰ ব্যৱস্থা কৰিছে৷ থার্টী ফার্ষ্ট উদ্যাপনৰ নামত সুৰাপান কৰি যাতে বাহন চলাব নোৱাৰে, তাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে মহানগৰ জিলা আৰক্ষী প্রশাসন আৰু পৰিবহণ বিভাগে৷ সুৰাপায়ী চালকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান ৰখাৰ সময়তে থার্টী ফার্ষ্ট উদ্যাপনৰ বাবে মহানগৰ প্রশাসনে ৪৬খন বাৰ–ৰেষ্টুৰেণ্টক লেট নাইট পার্টীৰ অনুজ্ঞা পত্র প্রদান কৰা বিষয়টোক লৈ সচেতন মহলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like